জনীয়া,17 জানুৱাৰী: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বি বি আঞ্চলিক ক্লাবৰ উদ্যোগত গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত দেওবাৰে অনুষ্ঠিত হয় ৰেণু খানম সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ৷ খেলখন উদ্বোধন কৰে ৰেণু খানমৰ স্বামী নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক খন্দকাৰ আব্দুল গফুৰে ৷ বি বি আঞ্চলিক ক্লাব আৰু বৰনগৰ কছিং দল মুখামুখি হোৱা চূড়ান্ত মেচখনত বৰনগৰ কছিঙক 4-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে বি বি আঞ্চলিক ক্লাবে ৷
![renu-khanam-memorial-football-tournament-end-at-jonia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10278514_2x1_img.jpg)
উল্লেখ্য যে,বিগত তিনি বছৰ ধৰি ৰেণু খানমৰ সোঁৱৰণী প্ৰাইজ আগবঢ়াই আহিছে যুৱ সমাজ সেৱক তথা ৰেণু খানমৰ সুযোগ্য সন্তান খন্দকাৰ আশ্ৰফুল মামুনে ৷ খেলত দ্বীপজ্যোতি হিৰুক মেন অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয় । যুৱ সমাজক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত বি বি আঞ্চলিক ক্লাৱে লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে গুনিয়ালগুৰি অঞ্চলৰ সচেতন ৰাইজে ৷
লগতে পঢ়কঃ গোলাঘাটত মুখ্যমন্ত্ৰীৰ সভাত মিছা কথাকৈ মহিলা গোটোৱাৰ অভিযোগ !