কলগাছিয়া, 17 মে’: বৰপেটাৰ কলগাছিয়াৰ গুনিয়ালগুৰিস্থিত অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন দাৱনদিয়া চোছিঅ’ ইকোন’মিক ডেভেলপমেণ্ট এছ’চিয়েছনে দেওবাৰে পবিত্ৰ ঈদ উপলক্ষে 110 গৰাকী দুখীয়া মানুহলৈ বিতৰণ কৰে খাদ্য-সামগ্ৰী ।
পবিত্ৰ ঈদৰ দিনটোত দৰিদ্ৰসকলে পৰিয়ালৰ সৈতে যাতে এসাজ খাবলৈ কষ্ট বা চিন্তা কৰিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি স্বেচ্ছাসেৱী সংগঠনটোৱে জহা চাউল, চেনি, চাবোন, চাৰ্ফ আৰু ঈদৰ দিনা ব্যবহাৰ কৰিবলৈ তেল বিতৰণ কৰে ।
লগতে পঢ়ক: হোজাই জিলাৰ কাকীত দৰিদ্ৰ জনসাধাৰণক সাহাৰ্য প্ৰদান আৰক্ষী জোৱানৰ