ETV Bharat / state

বৰপেটাৰ কন্টেইনমেন্ট জ'নত চাৰি দিনে খাদ্য সামগ্ৰী নাপালে কিয়? - বৰপেটা জিলা প্ৰশাসন

সংবাদ মাধ্যমৰ তৎপৰতাৰ পিচতহে গা লৰিল বৰপেটা জিলা প্ৰশাসনৰ ৷ ততালিকে যোগান ধৰিলে কন্টেইনমেন্ট জ'নত খাদ্য সামগ্ৰী ৷

Relief  Distribution in Barpeta  Containment Zone By Administration
বৰপেটাৰ কন্টেইনমেন্ট জ'নত চাৰি দিনে খাদ্য সামগ্ৰী নাপালে কিয়?
author img

By

Published : Jun 21, 2020, 5:54 PM IST

বৰপেটা, ২১ জুনঃ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছতে তৎপৰ হ'ল বৰপেটা জিলা প্ৰশাসন ৷ চাৰিদিন ধৰি ভোকে-লঘোণে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল বৰপেটাৰ কন্টেইনমেন্ট জ'নৰ লোক সকল ৷

উল্লেখ্য যে, যোৱা ১৭ জুনৰ নিশা বৰপেটা সত্ৰৰ সমীপৰ বৰহাটী অঞ্চলটো জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষনা কৰিছিল ৷ ৰণজিৎ সূত্ৰধাৰ নামৰ এজন লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ স্বাৰ্থতেই প্ৰশাসনে অঞ্চলটোৰ ৰাজপথত বাঁহৰ বেৰিকেড সাজি কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰিছিল ৷ কিন্তু কন্টেইনমেন্ট জ'নত আৱদ্ধ হৈ থকা লোকসকলক বিগত চাৰিদিনে খাদ্য সামগ্ৰীকে আদি কৰি এটুপি খোৱা পানীৰো যোগান ধৰা নাছিল প্ৰশাসনে ৷ ফলত উক্ত অঞ্চলটোৰ দৰিদ্ৰ পৰিয়াল সকলৰ খাদ্য সংকটত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল ৷ উক্ত খবৰটো ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰো হৈছিল ৷

বৰপেটাৰ কন্টেইনমেন্ট জ'নত চাৰি দিনে খাদ্য সামগ্ৰী নাপালে কিয়?

এই সংবাদ বিয়পি পৰাৰ লগে লগে বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক উপস্থিত হৈ অঞ্চলটোৰ বাসিন্দা সকলক সাক্ষাৎ কৰে ৷ উপায়ুক্ত গৰাকীয়ে ৰাইজৰ অভাব -অভিযোগৰ বুজ লোৱাৰ লগতে বিতৰণ কৰে বিভিন্ন খাদ্য সামগ্ৰী ৷ ইপিনে কৰ'ণাত আক্ৰান্ত লোকজনৰ লগতে পৰিয়ালটোৰ সকলো সদস্যৰ স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পিছত অঞ্চলটোৰ লোকসকলে কন্টেইনমেন্ট জ'নৰ পৰা অঞ্চলটো মুকলি কৰি দিবলৈ দাবী জনাইছিল ৷ কিন্তু অঞ্চলটো ২৮ দিনলৈ কন্টেইনমেন্ট জ'ন হিচাপে থাকিব বুলি দেওবাৰে সদৰি কৰে অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে ৷

লগতে পঢ়ক- গডকাপ্তানি পথে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.