বৰপেটা,৮ ডিচেম্বৰঃ এআইইউডিএফৰ লগতে ৰাজ্যৰ বিজেপি বিৰোধী দলসমূহক লগত লৈ মহাজোঁট বন্ধনৰ বাবে আগ্ৰহী ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ ৷ বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰি শাসনাধিস্থিত বিজেপিক পৰাভূত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছে ৷ মঙলবাৰে এক কাৰ্যসূচীত উপস্থিত থাকি এই মন্তব্য কৰে বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে ৷
তদুপৰি, বাঘবৰ, বৰপেটা, সৰুক্ষেত্ৰী আদি সমষ্টিসমূহত প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি বিবাদৰ সৃষ্টি হৈছে যদিও সেই সমষ্টিসমূহত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে, বাঘবৰ সমষ্টিত পূৰ্বতকৈ অধিক ভোটত জয়ী হ'ম বুলিও দৃঢ়তাৰে ঘোষণা কৰে কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে ৷
লগতে পঢ়কঃ পাৰ্টী চাই নহয় প্ৰাৰ্থী চাইহে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত ভোটদান কৰিব: ৰিমল আমচি