ETV Bharat / state

কাউৰজাহীত RCC পাৰ্কুপাইনৰে বেকীৰ খহনীয়া ৰোধৰ প্ৰচেষ্টা - RCC Porcupine ৰে গৰাখহনীয়া ৰোধৰ প্ৰচেষ্টা

কলগাছিয়াৰ কাউৰজাহী ইছোব বজাৰত RCC পাৰ্কুপাইনৰে বেকী নদীৰ খহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা । জলসম্পদ মন্ত্ৰী আৰু স্থানীয় বিধায়কলৈ ধন্যবাদ জ্ঞাপন ৰাইজৰ ।

beki river erosion at jania
বেকী নদীত গৰাখহনীয়া ৰোধৰ প্ৰচেষ্টা
author img

By

Published : Aug 25, 2021, 9:02 AM IST

জনীয়া, 25 আগষ্ট : ৰাজ্যত এফালে বান, আনফালে খহনীয়াৰ তাণ্ডৱ ৷ বিশেষকৈ বেকী নৈৰ খহনীয়াই উচন কৰিছে বহুতৰে আপোন ঘৰখন ৷ বেকী নৈৰ বুকুত জাহ গৈছে বহু মাটি-সম্পত্তি ৷ জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱতো অব্যাহত আছে বেকী নদীৰ খহনীয়া ৷ এই খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে অস্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ সেই অনুসৰি, মঙলবাৰে কলগাছিয়াৰ কাউৰজাহী ইছোব বজাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে বেকী নদীৰ খহনীয়া প্ৰতিৰোধী ব্যৱস্থা ৷

জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ তৎপৰতাত ইছোব বজাৰত আৰচিচি পাৰ্কুপাইনৰ(RCC Porcupine) সহায়ত বেকী নদীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই ব্যৱস্থাক লৈ কিছু স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলটোৰ ৰাইজে ৷ উল্লেখ্য যে, দিনে দিনে কাউৰজাহী, আমগুৰি, চিকনী আৰু ইছবপুৰত খহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখা গৈছে ৷

স্থানীয় ৰাইজৰ সন্তোষ প্ৰকাশ

নদীৰ বুকুত কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ উটি যোৱাত দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ এই সমস্যাৰ সমাধান বিচাৰি অঞ্চলবাসী কাষ চাপিছিল স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ ৷ তাৰ পাচতেই বিধায়কগৰাকীয়ে শীঘ্ৰে অঞ্চলটোৰ ৰাইজক খহনীয়া ৰোধৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ সেইমৰ্মে বিধায়কগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে বিধানসভাৰ বাজেট অধিৱেশনতো প্ৰস্তাৱ আগবঢ়াইছিল ৷

লগতে পঢ়ক : ভদীয়া বানত বুৰ গ’ল জোনাইৰ কেইবাখনো গাঁও

আনকি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাকো খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছিল ৷ তাৰপাচতে বিধায়কগৰাকীৰ লগতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই জনীয়াৰ চাৰি স্থানত অস্থায়ীভাৱে খহনীয়া প্ৰতিৰোধ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ লগতে বৰপেটা জিলা কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে ।

beki river erosion at jania
RCC পাৰ্কুপাইনৰে বেকীৰ খহনীয়া ৰোধৰ প্ৰচেষ্টা

সেইমৰ্মে মঙলবাৰে কাউৰজাহীৰ ইছোব বজাৰত প্ৰায় বিশ লাখ টকা ব্যয় সাপেক্ষে RCC পাৰ্কুপাইনৰ দ্বাৰা বেকী নদীৰ খহনীয়া প্ৰতিৰোধৰ কামৰ উদ্বোধন কৰা হয় । বিধায়কগৰাকীৰ অনুপস্থিতিত তেওঁৰ প্ৰতিনিধি নজৰুল ইছলাম আৰু আশ্ৰাফুল মামুনে বিভাগীয় অভিযন্তাৰ সহযোগত খহনীয়া প্ৰতিৰোধৰ কাম আনুষ্ঠানিকভাৱে মুকলি কৰে । খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰাত জলসম্পদ মন্ত্ৰী আৰু স্থানীয় বিধায়কলৈ ধন্যবাদ জ্ঞাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : গোবিন্দপুৰত বেকীৰ বিধ্বংসী খহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.