বজালী, 30 নৱেম্বৰ : পাঠশালাৰ পাটাছাৰকুছিত দেওবাৰে এদিনীয়াকৈ আয়োজন কৰা হয় ৰাস মহোৎসৱ ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰে ৰাস মহোৎসৱখন ৷ পূৰ্বৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি ক’ভিড প্ৰট’কল মানি আয়োজন কৰা হয় ৰাস মহোৎসৱখন ৷ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৰাস মহোৎসৱ উদ্বোধন কৰি ৰাজ্যবাসীক ৰাস মহোৎসৱৰ শুভেচ্ছা জনায় ৷

দাসে লগতে কয় যে, ক’ভিডৰ ভয়াবহতাৰ মাজত এইবাৰ পাঠশালা, পাটাছাৰকুছিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ ৰাস মহোৎসৱ আয়োজন কৰা হয় যদিও ৰাসৰ আধ্যাত্মিকতা ম্লান পৰা নাই ৷ ভক্ত আৰু ভগবানৰ মিলনেই হৈছে বৃন্দাবনৰ ৰাসলীলা ৷ সকলোৰে মাজত ভাতৃত্ববোধ আৰু সমন্বয় বৃদ্ধি কৰি আমি যাতে এখন সুন্দৰ সমাজ গঠন কৰিব পাৰো, তাৰবাবে ভগবান শ্ৰী কৃষ্ণই আৰ্শীবাদ দিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আশা ব্যক্ত কৰে ৷
লগতে পঢ়ক : খুমটাই সমষ্টিত নিচিহ্ন হোৱাৰ দিশে অগপ