ETV Bharat / state

বেকী নৈৰ বিধ্বংসী গৰাখহনীয়াত গৃহহীন শ শ পৰিয়াল

author img

By

Published : Dec 17, 2020, 2:30 PM IST

কিছমত মইনবৰিত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়াত গৃহহীন হৈ পৰিছে শ শ পৰিয়াল ৷ শ শ কৃষি ভূমি বেকী নৈৰ বুকুত জাঁহ যোৱাত হাহাকাৰ লাগিছে স্থানীয় লোক সকলৰ মাজত ৷ সৰ্বত্ৰ হেৰুৱাই মুকলি আকাশৰ তলতে এতিয়া দিন কটাইছে গাঁওবাসীয়ে ৷

rapid beki erosion
বেকী নৈৰ বিধ্বংসী গৰাখহনীয়াত গৃহহীন শ শ পৰিয়াল

জনীয়া, 17 ডিচেম্বৰ: কলগাছিয়া ৰাজহ চক্ৰৰ কিছমত মইনবৰিত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া ৷ গৰাখহনীয়াই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কিছমত মইনবৰিত ৷ গৰাখহনীয়াৰ বাবে এতিয়া গৃহহীন হৈ পৰিছে শ শ পৰিয়াল ৷ যোৱাটো বাৰিষাৰ পিছৰে পৰা কিছমত মইনবৰিত বেকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত নৈৰ বুকুত জাহ গৈছে শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু এখন প্ৰাথমিক বিদ্যালয় ৷ শ শ কৃষি ভূমি বেকী নৈৰ বুকুত জাঁহ যোৱাত হাহাকাৰ লাগিছে স্থানীয় লোক সকলৰ মাজত ৷ ক'লৈ যাব,কি খাব,ক'ত থাকিব তাৰ কোনো ওৱাদিহ বিচাৰি নোপোৱা হৈছে স্থানীয় লোক সকলে ৷ চৰকাৰে বান-গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই অৱস্থাৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ৷

নৈৰ বুকুত সৰ্বত্ৰ হেৰুৱাই মুকলি আকাশৰ তলত দ্বিবা নৈশ যাপন কৰা গঞাই আগন্তুক নিৰ্বাচনৰ বাবে ভোট বৰ্জনৰো হুংকাৰ প্ৰদান কৰিছে ৷ ইপিনে স্থানীয় বিধায়ক শ্বেৰমান আলিয়েও খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোক সকলে ৷ ঘৰ দুৱাৰ হেৰুৱাই মুকলি আকাশৰ তলত থকা এগৰাকী মহিলাৰ ক্ষোভ, চৰকাৰে যদি আমাৰ লেখীয়া বিপদগ্ৰস্ত লোকৰ দুৰ্দশা নেদেখে, তেন্তে কোনে দেখিব আৰু এই চৰকাৰ কাৰ বাবে ? গৰাখহনীয়াত ক্ষতিগ্ৰস্থ পৰিয়াল সমূহে ক্ষতি পূৰণ সহ পুণৰ সংস্থাপনৰ দাবী কৰিছে চৰকাৰৰ ওচৰত ৷

লগতে পঢ়ক: ধোঁৱা চাঙত মাজুলী সুৰক্ষাৰ 237 কোটি টকীয়া আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.