ETV Bharat / state

বৰপেটাৰ চিনপৰা ভিঠি থানত সৌৰ চাকিৰ ব্যৱস্থা

উজনি ত্যাগ কৰি শংকৰদেৱ গুৰুজনাই প্ৰথম বৰপেটাত বাস কৰা চিনপৰা ভিঠি থানৰ উন্নয়ণৰ বাবে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ তৎপৰতা(Development of Chinpara Bhithi Than) ৷ শনিবাৰে থানখনিৰ সৌন্দৰ্যবৰ্ধনৰ বাবে সৌৰচাকি আৰু বিজুলী চাকি ব্যৱস্থাৰ শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ।

author img

By

Published : Aug 29, 2022, 2:16 PM IST

ranjit das at chinpora vithi than in barpeta
চিনপৰা ভিঠি থানত সৌৰ চাকিৰ ব্যৱস্থা

বৰপেটা,২৮ আগষ্ট: উজনি ত্যাগ কৰি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৰপেটাত পদাৰ্পণ কৰি প্ৰথম বাস কৰা ঠাইখিনি আছিল বৰপেটাৰ চিনপৰা ভিঠি ৷ বৰপেটাৰ এই ঠাইখিনিৰ শুভ চিন দেখি নাও চপাই ৬ মাহ কাল বাস কৰা আৰু পিচলৈ চিনপৰা ভিঠি থানৰূপে প্ৰসিদ্ধ হৈ পৰা থানখনে পাঁচশ বছৰে গুৰুজনাৰ বৰপেটা আগমনৰ স্মৃতিকেই সোঁৱৰাই আহিছে ৷

গুৰুজনাৰ স্মৃতি বিজৰিত সত্ৰনগৰী বৰপেটাৰ চিনপৰা ভিঠি থানখনৰ উন্নয়ণৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যৰ জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(Development of Chinpara Bhithi Than) ৷ মন্ত্ৰীগৰাকীয়ে শনিবাৰে চিনপৰা ভিঠি থানখনৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে থানখনত সৌৰচাকি আৰু বিজুলী চাকিৰ ব্যৱস্থা কৰে(Provision of solar lamps and electric lamps) ৷

চিনপৰা ভিঠি থানত সৌৰ চাকিৰ ব্যৱস্থা

মন্ত্ৰীগৰাকীয়ে শনিবাৰে থানখনত উপস্থিত হৈ সৌৰচাকি আৰু বিজুলী চাকি ব্যৱস্থাৰ শুভ উদ্বোধন কৰে ৷ আনহাতে ৰাজ্যখনৰ সত্ৰ আৰু গুৰু কেইজনাৰ স্মৃতি বিজৰিত থান সত্ৰসমূহৰ উন্নয়নৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহন কৰাৰ কথাও উল্লেখ কৰে ৷ উক্ত অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে উপস্থিত থাকে বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস ।

লগতে পঢ়ক: জেহাদী সন্দৰ্ভত বিস্ফোৰক মন্তব্য শিখা শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.