ETV Bharat / state

বিজেপিক উৎখাতৰ বাবে ৰাইজৰ দলৰ জন্ম: কমল কুমাৰ মেধি

author img

By

Published : Feb 21, 2021, 11:00 AM IST

সৰুক্ষেত্ৰী সমষ্টিৰ বৰমাৰা বজাৰত শনিবাৰে অনুষ্ঠিত হৈ যায় ৰাইজৰ দলৰ ৰাজহুৱা সভা ৷ আব্দুল চামাদ মল্লিকৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধি, অভিনেত্ৰী জেৰিফা ৱাহিদৰ লগতে ৰাইজৰ দলৰ বহু কেইগৰাকী বিষয়-ববীয়া উপস্থিত থাকে ৷

সৰুক্ষেত্ৰীৰ বৰমাৰাত ৰাইজৰ দলৰ ৰাজহুৱা সভা

বৰপেটা,21 ফেব্ৰুৱাৰীঃ শনিবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ বৰমাৰা বজাৰত অনুষ্ঠিত হয় ৰাইজৰ দলৰ ৰাজহুৱা সভা ৷ আব্দুল চামাদ মল্লিকৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধি, অভিনেত্ৰী জেৰিফা ৱাহিদৰ লগতে ৰাইজৰ দলৰ বহু কেইগৰাকী বিষয়-ববীয়া উপস্থিত থাকে ৷

প্ৰাক নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত দেখা গৈছে এতিয়া ৰাজনৈতিক দল-সংগঠনৰ নেতা-কৰ্মীক ৷ বাদ পৰি নগ’ল সৰুক্ষেত্ৰী সমষ্টিও ৷ শনিবাৰে ৰাইজৰ দলৰ এই সভাত অংশ লৈ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে শাসনাধীষ্ঠ চৰকাৰখনক কৰিলে কঠোৰ সমালোচনা ৷

বিজেপিক উৎসাত কৰিবলৈ ৰাইজৰ দলৰ জন্ম হৈছেঃ কমল কুমাৰ মেধি
ৰাজহুৱা সভাত অংশগ্ৰহণ কমল কুমাৰ মেধিৰ

ধৰ্মীয় উন্মাদনাৰে বিজেপিয়ে অসমক অস্থিৰ কৰি ৰাজনৈতিক লাভ আদায় কৰিব বিচাৰিছে । কিন্তু ৰাইজৰ দলে অসমৰ পৰা ধৰ্মীয় উন্মাদনাৰ সমাপ্তি ঘটাব বিচাৰিছে । ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী বাংলাদেশী অসমৰ পৰা যাব লাগিব । এই বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগতো মন্তব্য কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ পৰা চিৰদিনৰ বাবে বিদায় দিবলৈকে ৰাইজৰ দলৰ জন্ম হৈছে । অসমৰ মুছলমানক মোগল বুলি ইতিকিং কৰি বিভাজনৰ ৰাজনীতি কৰা বিজেপিক অসমৰ ৰাইজে এইবাৰ অসমৰ পৰা বিদায় দিব বুলিও মেধিয়ে মন্তব্য কৰে ৷

লগতে পঢ়কঃ পুনৰ ক'ভিড ! মুখ্য সচিবে জাৰি কৰিছে জৰুৰী নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.