জনীয়া,27 মাৰ্চ: কলগাছিয়াত শনিবাৰে ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী আশ্ৰফুল ইছলামে মুকলি কৰে এটি মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় ৷ কাৰ্যালয় উদ্বোধনী সভাত ৰাইজৰ দলৰ নেতা মনিৰুজ জামানে ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷
তেওঁ কয় যে, 35 আৰু 65 শতাংশৰ ৰাজনীতি কৰা, চাচা-মামাৰ ভোট নালাগে, মুছলমান মহিলাক সন্তান জন্ম দিয়া মেচিন বুলি কোৱাৰ পাচতো একাংশ মুছলমান মানুহ কিদৰে বিজেপিৰ পতকা হাতত লৈ ঘুৰিব পাৰে ? আনহাতে, জনীয়া সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলামে বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰাৰ লগতে AIUDF দল বিজেপিৰ বি টীম হিচাপে কাম কৰি আছে বুলি কয় ৷ ইয়াৰোপৰি, অখিল গগৈ মুছলমান বিৰোধী নহয় বুলিও স্পষ্ট কৰি দিয়ে ।
বিজেপিক উৎখাতৰ স্বাৰ্থত এইবেলি ৰাইজৰ দলক জনীয়াৰ ভোটাৰে আঁকোৱালি ল’ব বুলি কোৱাৰ লগতে বিপুল ভোটত আশ্ৰাফুল ইছলামে জয়লাভ কৰিব বুলি দাবী কৰে প্ৰাৰ্থী গৰাকীয়ে ।
লগতে পঢ়ক : সপৰিয়ালে ভোটদান কংগ্ৰেছ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াৰ