ETV Bharat / state

সৰুক্ষেত্ৰীত দৰিদ্ৰপৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ ৰাইজৰ দলৰ

author img

By

Published : May 14, 2021, 2:33 PM IST

শুকুৰবাৰে ঈদ-উল্-ফিটৰ উপলক্ষে সৰুক্ষেত্ৰী বিধানসভা সমষ্টিত দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ ৰাইজৰ দলৰ সদস্যসকলৰ ৷ লগতে নিৰ্বাচন পাৰ হৈ যোৱাৰ লগে লগে অন্য দলৰ নেতাসকলে দুখীয়া লোকসকলক পাহৰি যোৱা বুলি মন্তব্য কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মনিৰুজ জামানে ৷

raijor dal food distribution at barpeta
ৰাইজৰ দলৰ খাদ্য সামগ্ৰী বিতৰণ

বৰপেটা,14 মে’ : পবিত্ৰ ঈদ-উল্-ফিটৰ উপলক্ষে শুকুৰবাৰে বৰপেটাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিত দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৰাইজৰ দলৰ সদস্যসকলে ৷ কয়াকুছি পাথাৰ, মিলন বাজাৰ, 2 নং ক’লনী, 2 নং বুনবাহাৰ, মলৰটাৰী, কুৰিহা, পুতলাৰটাৰী, জাৰাবাৰী আদি বিভিন্ন অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ কৰে দলটোৱে ৷

raijor dal food distribution at barpeta
ৰাইজৰ দলৰ খাদ্য সামগ্ৰী বিতৰণ

সামগ্ৰী বিতৰণ কৰি দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মনিৰুজ জামানে কয় যে, নিৰ্বাচন পাৰ হৈ যোৱাৰ লগে লগে যেন কংগ্ৰেছ অথবা এআইইউডিএফ দলবোৰে সংখ্যালঘু সম্প্ৰদায়ৰ দুখীয়া লোকসকলৰ কথা পাহৰি গ'ল ৷ নিৰ্বাচন পাৰ হৈ যোৱাৰ পাচত এই সমাজ সেৱকসকল ক’ত গ’ল বুলি প্ৰশ্ন উত্থাপন কৰে সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক : ৰাজ্যৰ তিনি তৈল প্ৰতিষ্ঠানলৈ আলফা(স্বা)ৰ দাবী পত্ৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.