বৰপেটা, ১৮ আগষ্ট:সত্ৰ নগৰী বৰপেটাত মঙলবাৰে সন্ধিয়া বৃন্দাৱনৰ শ্ৰী ৰাধা-কৃষ্ণ লীলা মণ্ডল ন্যাসে প্ৰদৰ্শন কৰে ৰাস লীলা(Radha Krishna Leela Trust perform Raas Leela in Barpeta)। ভগৱান শ্ৰীকৃষ্ণৰ লীলাভূমিৰ পৰা অহা এই দলটোৱে বৰপেটা সত্ৰৰ স্থায়ী মঞ্চত প্ৰদৰ্শন কৰা ৰাস লীলাই ভকত-বৈষ্ণৱৰ মন মুহিবলৈ সক্ষম হয়। আনহাতে,দ্বিতীয় বৈকুণ্ঠপুৰী খ্যাত বৰপেটা সত্ৰত ৰাস লীলা প্ৰদৰ্শন কৰি ন্যাসৰ কলা-কুশলীসকলেও সন্তোষ প্ৰকাশ কৰে।
বৰপেটা সত্ৰত ৰাস লীলা প্ৰদৰ্শন কৰি বৃন্দাৱনৰ শ্ৰী ৰাধা-কৃষ্ণ লীলা মণ্ডল ন্যাসৰ অধ্যক্ষ তাৰাজন ঠাকুৰে(Chairman of Shri Radha Krishna Leela Mandal Trust)কয়,'বৃন্দাৱনৰ পৰা বৰপেটালৈ আহি এনে লাগিছে যেন আমি বৃন্দাৱনতে আছো ৷ বৰপেটাত বৰপেটাৰ পৰিবেশ নাই,আছে মাথো বৃন্দাৱনৰ পৰিবেশ ৷' ন্যাসৰ কলা-কুশলীসকলে মন পৰশা অভিনয়েৰে প্ৰদৰ্শন কৰা ৰাস লীলাৰ পিছত ভকত-বৈষ্ণৱৰ সৈতেও মত বিনিময় কৰে।
![Radha Krishna Leela Trust perform Raas Leela in Barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-01to03-17aug-brindavan-rash-lila-display-at-barpeta-satra-visbitephoto-as10038_17082022141108_1708f_1660725668_324.jpg)
উল্লেখ্য যে ৫৫০ বছৰীয়া প্ৰাচীন পৰম্পৰাৰে আজিও উজ্বলি আছে ঐতিহ্যমণ্ডিত বৃন্দাৱনৰ ৰাস লীলা ৷ বৃন্দাৱনৰ ৰাস লীলা চাই অভিভূত হৈছিল চৈতন্য মহাপ্ৰভু(Chaitanya Mahaprabhu),হৰদ্বাজ মহাৰাজৰ(Hardwaj Maharaj) দৰে সন্তসকল ৷ মঞ্চৰ মাধ্যমেৰে ব্ৰজবাসীয়ে আৰম্ভ কৰিছিল ৰাস লীলাৰ প্ৰদৰ্শন ৷ পাহৰণিৰ গৰ্ভত বিলীন হোৱাৰ উপক্ৰম হওঁতেই ৰাস লীলা শিকাবলৈ আন্তৰিক প্ৰয়াস কৰে ব্ৰজবাসীয়ে ৷ ব্ৰাহ্মণ বালকসকলক মুকুট পিন্ধাই ৰাধা-কৃষ্ণ সজাই ব্ৰজবাসীয়ে প্ৰদৰ্শন কৰিছিল ৰাস লীলা ৷
এই প্ৰদৰ্শনৰ পিছতে যিমান দূৰ সম্ভৱ ৰাস লীলাক ভক্তগণৰ মাজলৈ আগুৱাই লৈ যাবলৈ বৃন্দাৱনৰ শ্ৰীৰাধা-কৃষ্ণ লীলা মণ্ডল ন্যাসৰ অধ্যক্ষ তাৰাজন ঠাকুৰে আহ্বান জনায় ৷ বিশ্বজনীন প্ৰচাৰ-প্ৰসাৰৰ বাবে ইতিমধ্যে বৃন্দাৱনৰ ৰাস লীলা ইণ্ডোনেছিয়া,ফিজি আদি দেশতো ৰাস লীলা প্ৰদৰ্শন কৰা বুলি অধ্যক্ষগৰাকীয়ে সদৰি কৰে ৷ চিনেমা জগতৰ জৰিয়তে আমদানি হোৱা পাশ্চাত্য সংস্কৃতিয়ে সনাতন সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি মতপোষণ কৰে ঠাকুৰে ৷ সনাতন সংস্কৃতি বিলুপ্ত হ'বলৈ দিব নালাগে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাম-কৃষ্ণ ভগৱানৰ ৰূপ ৷ ভগৱানক আমি কেতিয়াও পাহৰিব নালাগে বুলি তেওঁ কয় ৷ সভ্যতা আৰু মৰ্যাদাৰ এনাজৰীৰে বান্ধ খাই থকা ৰাস লীলাক এক অন্যন্য সংস্কৃতি বুলি অভিহিত কৰে অধ্যক্ষগৰাকীয়ে ৷
লগতে পঢ়ক:গুৱাহাটীত আৰম্ভ হ’ল এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা