ETV Bharat / state

মেধিৰটাৰীত ৪৪ সংখ্যক পুষুৰা মেলাৰ আয়োজন - পৰম্পৰাগত লোক সংস্কৃতি

বিগত ৪৪ বছৰ ধৰি মেধিৰটাৰীত পৰম্পৰাগতভাৱে পালন কৰি আহিছে পুষুৰা উৎসৱ। পূৰ্ব বংগীয় ধৰ্মীয় সংখ্যালঘু সমাজে পৰম্পৰাগত লোক সংস্কৃতিৰ ধাৰা অব্যাহত ৰখাৰ বাবে অনুষ্ঠিত কৰি আহিছে লাঠিবাৰী খেল ৷

মেধিৰটাৰীত পালন কৰা হৈছে ৪৪ সংখ্যক পুষুৰা মেলা

author img

By

Published : Jan 13, 2021, 8:00 PM IST

জনীয়া,13 জানুৱাৰী: পূৰ্ব বংগীয় ধৰ্মীয় সংখ্যালঘু সমাজৰ চোতালত অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ লগত সংঘতি ৰাখি বিগত ৪৪ বছৰ ধৰি মেধিৰটাৰীত পৰম্পৰাগতভাৱে পালন কৰি আহিছে পুষুৰা উৎসৱ। পুষুৰা উৎসৱত প্ৰতিবছৰে পালন কৰা হয় পৰম্পৰাগত পূৰ্ব বংগীয় লোকসকলৰ লোক সংস্কৃতি লাঠিবাৰী খেল। এই লাঠিবাৰী খেলে ৰাইজক আনন্দ দিয়াৰ লগতে ৰক্ষা কৰি আহিছে পৰম্পৰাগত লোক সংস্কৃতিৰ ধাৰা।

মেধিৰটাৰীত পালন কৰা হৈছে ৪৪ সংখ্যক পুষুৰা মেলা
মেধিৰটাৰীত পালন কৰা হৈছে ৪৪ সংখ্যক পুষুৰা মেলা

আনহাতে, উৰুকাৰ সন্ধিয়া স্থানীয় লোকসকলে এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে মেধিৰটাৰীত। তাৰ সমান্তৰালভাৱে অসমৰ ভিতৰত উৎকৃষ্ট মানৰ খেজুৰৰ মিঠাই পোৱা মেধিৰটাৰীৰ মিঠাইৰ দোকানত পৰিলক্ষিত হয় ব্যাপক ভিৰ ৷

লগতে পঢ়ক: ৰাজ্যৰ ভিন্ন প্ৰান্তত ভোগালীৰ প্ৰস্তুতি...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.