বৰপেটা, ২৪ ছেপ্টেম্বৰঃ সকলো কাম কাজতে আধাৰ বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ পূৰ্বতে সাধাৰণ লোকৰ বাবে আধাৰ প্ৰয়োজনীয় হৈ উঠা নাছিল ৷ কিন্তু শেহতীয়াভাৱে চৰকাৰী আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত হিতাধিকাৰীসকলৰ বাবে আধাৰ বাধ্যতামূলক কৰিছে চৰকাৰে ৷ ইয়াৰ বাবেই সকলোৰে বাবে প্ৰয়োজনীয় হৈ পৰিছে আধাৰ ৷
তাৰ বিপৰীতে বৰপেটাত আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ আহি হাৰাশাস্তিৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ লোক ৷ ভূক্তভোগী সকলৰ অভিযোগ, বৰপেটা চহৰৰ বি এছ এন এল কাৰ্যালয়ত স্থাপন কৰা আধাৰ কেন্দ্ৰটোত সময়মতে উপস্থিত নহয় কৰ্মচাৰী ৷ আধাৰ কাৰ্ড প্ৰস্তুতৰ বাবে একোজন লোক ৫/ ৭ দিন আহিও প্ৰস্তুত কৰিব পৰা নাই নিজৰ আধাৰ কাৰ্ড ৷ আনকি বহু লোকে দিনৰ ৯ বজাতেই আধাৰ প্ৰস্তুত কেন্দ্ৰত হাজিৰ হয় যদিও দিনৰ ১১ / ১২ বজা পৰ্যন্ত উপস্থিত নহয় কৰ্মচাৰী ৷ ফলত দিনৰ দিনতো বোন্দাপৰ দিবলৈ বাধ্য হয় সাধাৰণ লোক ৷
ইপিনে বৰপেটাত দালালৰ জৰিয়তে ধনৰ বিনিময়তহে আধাৰ প্ৰস্তুতৰ কাম চলি থকা বুলি অভিযোগ উঠিছে ৷ একাংশ ভূক্তভোগীৰ মতে, কলিতা উপাধিৰ লোক এজনৰ নেতৃত্বত বৰপেটাত চলিছে আধাৰ প্ৰস্তুতৰ দালালি ৷ দালালক ধন নিদিলে হেনো এসপ্তাহত আহি নাপায় আধাৰ ৷ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ ৷ সম্প্ৰতি বৰপেটাত আধাৰ প্ৰস্তুতৰ নামত চলি থকা অনিয়ম বন্ধৰ দাবী তুলিছে সাধাৰণ জনতাই ৷