জনীয়া,26 নৱেম্বৰ : কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সমূহৰ আহ্বানত দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমৰ্থনত ২৪ ঘন্টীয়া চকা বন্ধ আৰু চিটুৰ দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । কলগাছিয়াত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰে বন্ধ সমৰ্থকসকলে ।
![কলগাছিয়াত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন বন্ধ সমৰ্থকৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kalgachiadharmoghat_26112020101653_2611f_1606366013_879.jpg)
কলগাছিয়াৰ খৰিচালাতো টায়াৰ জ্বলাই প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে । অসমৰ পৰিবহন শ্ৰমিকৰ কল্যান আঁচনি ৰূপায়ন, সংশোধিত মটৰ বেহিকেল আইন বাতিল কৰা,মটৰ শ্ৰমিকক ৭৫০০ টকাকৈ সাহাৰ্য প্ৰদান,মূল্য বৃদ্ধি প্ৰতিৰোধ আদি ১২ দফীয়া দাবীৰ ভিত্তিত চিটু আৰু শ্ৰমিক সংগঠন সমূহে পালন কৰে এই বন্ধৰ কাৰ্যসূচী। জনীয়া সমষ্টিৰ কলগাছিয়া আৰু খৰিচালাত পুৱাৰ ভাগত ৰাজপথত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে সকলো দোকান পোহাৰ বন্ধ ৰখা পৰিলক্ষিত হয়।