ETV Bharat / state

Moirabari pornographic video incident : আটকাধীন সাংবাদিকক মুকলি কৰাৰ দাবীত কলগাছিয়াত প্ৰতিবাদ

author img

By

Published : Jul 25, 2022, 9:59 PM IST

মৈৰাবাৰীত অশ্লীল ভিডিঅ’ নিৰ্মাণ কাৰ্যক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ দুই আটকাধীন সংবাদিকক অনতিপলমে মুকলি কৰিব দিবলৈ কলগাছিয়াত সংবাদকৰ্মী আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ (Protest at Kalgaasia demanding release of detained journalist) ৷

Moirabari police arrest two journalists
আটকাধীন সাংবাদিকক মুকলি কৰাৰ দাবীত কলগাছিয়াত প্ৰতিবাদ

জনীয়া, 25 জুলাই: মৈৰাবাৰীত সাংবাদিক গ্ৰেপ্তাৰৰ বিৰুদ্ধে কলগাছিয়াত সংবাদকৰ্মী আৰু ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(Protest at Kalgaasia demanding release of detained journalist) ৷ অচিৰেই দুই সাংবাদিকক বিনা চৰ্তে মুকলি কৰি দোষীক গ্ৰেপ্তাৰ কৰিব দিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ অনতিপলমে দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত বৃহত্তৰ কলগাছিয়াৰ সংবাদকৰ্মী আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে দেওবাৰে মৈৰাবাৰীৰ চাৰি যুৱকে এগৰাকী কিশোৰীক লৈ অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি ভাইৰেল কৰিছিল সামাজিক মাধ্যমত (Pornographic video made with teenager)। সেই ঘটনা সন্দৰ্ভত তেওঁলোকৰ কৰ্তব্যৰত চেনেল আৰু পৰ্টেলত বাতৰি সম্প্ৰচাৰ কৰিছিল মৈৰাবাৰীৰ সাংবাদিক দুগৰাকীয়ে (Moirabari police arrest two journalists) ।

লগতে কিশোৰীগৰাকীৰ পিতৃয়েও যুৱককেইজনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ (Journalist accused of sharing pornographic video)। কিন্তু অতি আচৰ্যজনকভাৱে আৰক্ষীয়ে অভিযুক্ত চাৰি লম্পটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম ন'হল (Police failed to arrest accused who made pornographic video) ।

তাৰ পৰিৱৰ্তে গ্ৰেপ্তাৰ কৰে উক্ত ঘটনাৰ বাতৰি সম্প্ৰচাৰ কৰা দুগৰাকী সংবাদিকক । নচিদুৰ ৰহমান আৰু মোছতোফিজুৰ ৰহমান নামৰ দুই সাংবাদিকক অশ্লীল ভিডিঅ’ শ্বেয়াৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে । ইয়াৰ পাছতেই মৈৰাবাৰীৰ সংবাদ মহলৰ লগতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

প্ৰতিবাদকাৰীসকলে মৈৰাবাৰী আৰক্ষীক উক্ত ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনায় ৷

লগতে পঢ়ক: Journalist accused of sharing pornographic video: অশ্লীল ভিডিঅ’ শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ সাংবাদিক !

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.