ETV Bharat / state

দোষীক ৰক্ষণাবেক্ষণৰ অভিযোগ সৰভোগ আৰক্ষীৰ বিৰুদ্ধেঃ থানা ঘেৰাও কৰিলে বৰনগৰৰ মহিলাই - সৰঙোগ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ

সৰভোগত স্কুলীয়া ছাত্ৰক হত্যা কৰাৰ 15 দিন অতিক্ৰম কৰাৰ পাছতো গ্ৰেপ্তাৰ ন'হল অপৰাধী ৷ কেৱল মদ আৰু জুৱাৰ আড্ডাৰ পৰা ধন সংগ্ৰহতে ব্যস্ত থকাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ৷

protest and police station gherau at sarbhog police station in barpeta
আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সৰভোগত
author img

By

Published : Dec 6, 2019, 10:42 PM IST

বৰপেটাৰোড , 6 ডিচেম্বৰঃ সৰভোগৰ ভূলুকাডোবাৰ দশম শ্ৰেণীত অধ্যয়নৰত কৌশিক ৰাজবংশী (১৭) নামৰ কিশোৰজনক দুৰ্বৃত্তই হত্যা কৰাৰ 15 দিন অতিক্ৰম কৰাৰ পাছতো সৰভোগ আৰক্ষীয়ে অপৰাধীক কৰায়ত্ত কৰিব নোৱাৰাৰ প্ৰতিবাদত শুকুৰবাৰে স্থানীয় ৰাইজে ঘেৰাও কৰে সৰভোগ আৰক্ষী থানা ৷ বৰনগৰ অঞ্চলৰ মহিলা সকলে আৰক্ষী থানা ঘেৰাও কৰি কৌশিক ৰাজবংশীৰ হত্যাকাৰীক কৰায়ত্ত কৰক, আৰক্ষী মুৰ্দাবাদ আদি শ্লোগান দি উত্তাল কৰি তোলে সৰভোগ আৰক্ষী থানাৰ চৌহদ ৷

আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সৰভোগত

প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ , সৰভোগৰ ভিন্ন প্ৰান্তত সঘনাই হত্যা লুণ্ঠণ আদি ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে সেই অপৰাধী সকলক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ সৰভোগ আৰক্ষীয়ে কেৱল মদ আৰু জুৱাৰ আড্ডাৰ পৰা ধন সংগ্ৰহতেই ব্যস্ত থাকে বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখযোগ্য যে , 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভূলুকাডোবা দলঙৰ সমীপত বহু কেইটা হত্যাৰ ঘটনা সংঘটিত হৈছে যদিও কোনো এটা ঘটনাৰে কোনো এজন অপৰাধীকেই আজিলৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ যোৱা 21 নৱেম্বৰ তাৰিখে উক্ত দলঙৰ কাষতে কৌশিক ৰাজবংশীকো দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰি পেলাই থৈ গৈছিল ৷ অতি শীঘ্ৰে ঘটনাটোৰ তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে কিশোৰজনৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ তেলেংগানা আৰক্ষীলৈ মানৱ অধিকাৰ আয়োগ জাননী প্ৰেৰণ

Intro:বৰপেটাৰোড 6 ডিচেম্বৰ : সৰভোগৰ ভূলুকাডোবাৰ দশম শ্ৰেণীৰ ছাত্ৰ কৌশিক ৰাজবংশী (১৭) নামৰ কিশোৰজনক দুৰ্বৃত্তই হত্যা কৰাৰ 15 দিন অতিক্ৰম কৰাৰ পাছতো সৰভোগ আৰক্ষীয়ে অপৰাধীক কৰায়ত্ত কৰিব নোৱাৰাৰ প্ৰতিবাদত শুক্ৰবাৰে স্হানীয় ৰাইজৰ লগতে মহিলা সকলে সৰভোগ আৰক্ষী থানা ঘেৰাও কৰে ৷ Body:বৰনগৰ অঞ্চলৰ মহিলা সকলে আৰক্ষী থানা ঘেৰাও কৰি কৌশিক ৰাজবংশীৰ হত্যাকাৰীক কৰায়ত্ত কৰক, আৰক্ষী মুৰ্দাবাদ আদি শ্লোগান দি উত্তাল কৰি তোলে সৰভোগ আৰক্ষী থানা চৌহদ ৷সৰভোগৰ ভিন্ন প্ৰান্তত সঘনাই হত্যা লুণ্ঠণ আদি ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে সেই অপৰাধী সকলক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ সৰভোগ আৰক্ষীক ক্ষুৰধাৰ সমালোচনা কৰি স্হানীয় মহিলাই আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় সৰভোগ আৰক্ষীয়ে কেৱল মদ আৰু জুৱাৰ পৰা ধন সংগ্ৰহ কৰাতহে ব্যস্ত থাকে ৷ বৰনগৰ অঞ্চলৰ অপৰাধ নিয়ন্ত্ৰণ কৰাত সৰভোগ আৰক্ষী সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা বুলিও অভিযোগ উত্থাপন কৰে স্হানীয় মহিলা সকলে ৷ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভূলুকাডোবা দলঙৰ সমীপত বহু কেইটা হত্যাৰ ঘটনা সংঘটিত হৈছে যদিও আজিলৈকে কোনো এটা অপৰাধীকেই কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই সৰভোগ আৰক্ষীয়ে ৷ যোৱা 21 নবেম্বৰত উক্ত দলঙৰ কাষত কৌশিক ৰাজবংশীকো দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰি পেলাই থৈছিল ৷ এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্হানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে ৷Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.