ETV Bharat / state

"পৰিৱেশ আইন, 2020" বাতিলৰ দাবীত বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ - Protest against "EIA 2020" at Barpeta by youth Congress

বিধেয়ক খন বাতিলৰ দাবীৰে শতাধিক যুৱ কংগ্ৰেছীয়ে ৰূপসী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা সমদল উলিয়াই কলগাছিয়া চাৰিআলি চ'কত অৱস্থান কৰে ৷

Protest against "EIA 2020" at Barpeta by youth Congress
"পৰিৱেশ আইন, 2020" বাতিলৰ দাবীত বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Aug 11, 2020, 4:04 PM IST

জনীয়া,11 আগষ্ট: "পৰিৱেশ আইন 2020" চমুকৈ "EIA 2020" বাতিল কৰাৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ এই বিধেয়ক খন বাতিলৰ দাবীত মঙলবাৰে বৰপেটা জিলা যুৱ কংগ্ৰেছ আৰু জনীয়া সমষ্টি কমিটি যুৱ কংগ্ৰেছে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ বিধেয়ক খন বাতিলৰ দাবীৰে শতাধিক যুৱ কংগ্ৰেছীয়ে ৰূপসী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা সমদল উলিয়াই কলগাছিয়া চাৰিআলি চ'কত অৱস্থান কৰে ৷ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জৈ‌ৱ বৈচিত্ৰ ধ্বংস কৰা নচলিব, বিজেপি চৰকাৰ হায় হায়, পুজিঁপতিৰ দালাল নৰেন্দ্ৰ মোদী হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

"পৰিৱেশ আইন, 2020" বাতিলৰ দাবীত বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

আনহাতে ৰাইজৰ প্ৰতিবাদ নেউচি চৰকাৰে যদি "পৰিৱেশ আইন 2020" বিল খন যদি আইনত পৰিণত কৰিব খোজে তেন্তে পৰিস্থিতি ভয়ানক হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে যুৱ কংগ্ৰেছী সকলে। অচিৰেই এই "পৰিৱেশ আইন 2020" ৰ খচৰা বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়কঃ অৱস্থান ধৰ্মঘটত বহিল বিধায়ক ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.