ETV Bharat / state

ৰাজ্যত সংঘটিত ঈশান উদয় কেলেংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : May 31, 2022, 9:51 PM IST

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত সংঘটিত ঈশান উদয় কেলেংকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা এটা গোচৰত মিনহাজুল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Prime accused of UGC scholarship scam arrested) ৷ মিনহাজুল হক ৰাজ্যৰ কেইবাখনো জিলাত সংঘটিত ঈশান উদয় কেলেংকাৰীৰ সৈতে জড়িত ৷

UGC scholarship scandal in Assam
UGC scholarship scandal in Assam

বৰপেটা, ৩১ মে’: ২০১৯-২০ বৰ্ষত সংঘটিত ঈশান উদয় বৃত্তিৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কেলেংকাৰীৰ মূল অভিযুক্তক (Prime accused of UGC scholarship scam arrested) ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঈশান উদয় কেলেংকাৰীৰ মূল অভিযুক্তজনৰ নাম মিনহাজুল হক ৷ ধৃত মিনহাজুল হকৰ ঘৰ বৰপেটাৰ দামালঝাৰ গাঁৱত ৷ আৰক্ষীয়ে মিনহাজুল হ'কৰ পৰা এটা পেনড্ৰাইভ, ২৮ খনকৈ বিভিন্ন বেংকৰ পাছবুক, বিভিন্ন বেংকৰ ৬ খনকৈ চেক বুক, নোটবুক, বিভিন্ন লোকৰ পানকাৰ্ড, ভোটাৰ কাৰ্ডৰ জেৰ'ক্স কপিৰ লগতে আন কেতবোৰ সামগ্ৰী জব্দ কৰে ৷

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত সংঘটিত ঈশান উদয় কেলেংকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা এটা গোচৰত মিনহাজুল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (UGC scholarship scandal in Assam) ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ প্ৰদীপ শইকীয়াই জনোৱা মতে মিনহাজুল হক ৰাজ্যৰ কেইবাখনো জিলাত সংঘটিত ঈশান উদয় কেলেংকাৰীৰ সৈতে জড়িত ৷

ৰাজ্যত সংঘটিত ঈশান উদয় কেলেংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

উল্লেখ্য যে, ঈশান উদয় কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰতন হাজৰিকাৰ লগতে আন দুই অভিযুক্তক গ্ৰেপ্তাৰৰ প্ৰায় ডেৰ বছৰ পিচত মূল অভিযুক্ত মিনহাজুল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে উচ্চ শিক্ষাৰ বাবে উত্তৰ-পূব অঞ্চলৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ঈশান উদয়ৰ বিশেষ বৃত্তি প্ৰদান কৰি আহিছে ৷ ঈশান উদয় বৃত্তি আঁচনিৰ অধীনত, চিকিৎসা আৰু পেৰামেডিকেল পাঠ্যক্ৰমকে ধৰি সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম, কাৰিকৰী আৰু পেছাদাৰী পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ মাজত প্ৰতি বছৰে প্ৰায় 10,000 জনক ডিগ্ৰী সম্পূৰ্ণ নোহোৱালৈকে প্ৰতি মাহে 7,800 টকালৈকে বৃত্তি প্ৰদান কৰে ৷

UGC scholarship scandal in Assam
ঈশান উদয় কেলেংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

উল্লেখ্য যে, বাৰ্ষিক আয় 4.5 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ শিক্ষৰ্থীক সম্পূৰ্ণ মেধাৰ ভিত্তিত প্ৰদান কৰা হয় এই বৃত্তি ৷ কিন্তু সম্পূৰ্ণ মেধাৰ ভিত্তিত প্ৰদান কৰা এই বৃত্তিৰ নামত বৰপেটাত সংঘটিত হৈছিল বৃহৎ কেলেংকাৰী ৷ তথ্য অনুসৰি, বৰপেটাৰ ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ এখন মহাবিদ্যালয়ৰ নামত সংঘটিত হৈছিল এই বৃহৎ কেলেংকাৰী ৷

অতি আশ্চৰ্যজনকভাৱে বৰপেটাত নাই ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ কোনো মহাবিদ্যালয় ৷ কিন্তু বৰপেটাৰ ভিক্টোৰিয়া ইণ্টাৰ কলেজৰ নামত 238 জন ছাত্ৰই ঈশান উদয় বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷ যি সময়ত ভিক্টোৰিয়া ইণ্টাৰ কলেজৰ পৰা ইমান বৃহৎ সংখ্যক ছাত্ৰই মেধা বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ তুলনাত কিন্তু কটন মহাবিদ্যালয়ৰ ছাত্ৰৰ সংখ্যা নগন্য ৷

লগতে পঢ়ক : বৰপেটাত ঈশান উদয় ছাত্ৰ বৃত্তিত ব্যাপক কেলেংকাৰী সংঘটিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.