ETV Bharat / state

TET teacher demands: বৰপেটাত টেট উত্তীর্ণ শিক্ষকৰ সংবাদ মেল - TET teacher demands

সদৌ অসম প্ৰাথমিক টেট্ উত্তীর্ণ শিক্ষক সমাজৰ বহুকেইটা দীৰ্ঘদিনীয়া সমস্যাৰ সন্দৰ্ভত বুধবাৰে বৰপেটাত এখন সংবাদমেলৰ আয়োজন কৰা হয় (Tet teacher press conference at Barpeta) ৷ ৩০ মাহে বঞ্চিত হৈ থকা মৰগীয়া বানচ প্ৰদানৰ লগতে আন বহুকেইটা দাবীৰে সম্বোধন কৰা সংবাদমেলখনৰ জড়িয়তে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে শিক্ষকসকলে ৷

Tet Teachers Issue
বৰপেটাত টেট উত্তীর্ণ শিক্ষকৰ সংবাদ মেল
author img

By

Published : Dec 22, 2021, 10:34 PM IST

বৰপেটা, ২২ ডিচেম্বৰঃ সদৌ অসম প্ৰাথমিক টেট্ উত্তীর্ণ শিক্ষক সমাজৰ বৰপেটা জিলাসমিতিয়ে বুধবাৰে এক সংবাদমেল সম্বোধন কৰে (Tet teacher press conference at Barpeta) ৷ বৰপেটা সাহিত্য সভা ভৱনত আয়োজন কৰা সংবাদমেলখনৰ জড়িয়তে ৩০ মাহে বঞ্চিত হৈ থকা বৰ্ধিত মৰগীয়া বানচ মুকলি কৰি দিয়াৰ আহ্বান জনায় ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপৰ দাবী জনায় সংবাদমেলখনৰ জৰিয়তে ৷

সৰ্বশিক্ষা মিচনৰ অধীনৰ শিক্ষকসকলক বিনাচৰ্তে চাকৰি নিয়মীয়াকৰণ কৰা, নিয়মীয়াকৰণ নোহোৱা পর্যন্ত ২০১৯ চনৰ ১ জুলাইৰ কেবিনেট সিদ্ধান্তৰ নিৰ্দেশনা অনুসৰি নিয়মীয়া শিক্ষকৰ মর্যাদা প্ৰদানেৰে সমহাৰত সকলো সুবিধা প্ৰদান কৰা তথা ২০১১ চনৰ জুলাই মাহৰ পৰা পর্যায়ক্ৰমে ৫ শতাংশ, ১৯ শতাংশ আৰু ৩ শতাংশ মৰগীয়া বানচ বকেয়াসহ শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে সংগঠনটোৰ বৰপেটা জিলা সমিতিৰ নেতৃত্বই সংবাদমেলযোগে চৰকাৰ তথা বিভাগক দাবী জনায় (Issues of Primary TET teacher Assam)। উল্লেখ্য যে, সৰ্বশিক্ষাৰ অন্তৰ্গত প্ৰাথমিক টেট উত্তীর্ণ শিক্ষকসকলে বিগত ৩০ মাহ ধৰি তিনিটাকৈ বৰ্দ্ধিত মৰগীয়া বানচ লাভৰ পৰা বঞ্চিত হৈ আছে ।

বৰপেটাত টেট উত্তীর্ণ শিক্ষকৰ সংবাদ মেল

নিয়মীয়া শিক্ষকসকলৰ ৩১ শতাংশ মৰগীয়া বানচৰ বিপৰীতে বর্তমানেও সৰ্বশিক্ষা(Sarva Shiksha Abhiyan)ৰ শিক্ষকসকলে ১২ শতাংশ মৰগীয়া বানচহে লাভ কৰি আছে বুলি সংবাদমেলখনৰ জড়িয়তে প্ৰকাশ কৰে ৷ আনহাতে, নিয়মীয়া শিক্ষকসকলে লাভ কৰা এনপিএ, চাৰ্ভিচবুক, মৃত্যুকালীন সুবিধা, শিক্ষক বঁটা, এমএটিপিএচ, আপোন ঘৰৰ সুবিধা আদিও আজিলৈকে লাভ কৰা নাই সৰ্বশিক্ষাৰ অধীনৰ এইসকল শিক্ষকে ৷ উল্লেখ যে, ২০১৯ চনৰ ১ জুলাইৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি প্ৰকাশ পোৱা নিৰ্দেশনা অনুসৰি নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত সকলো সুবিধা লাভ কৰিব বুলি ঘোষণা কৰাৰ পাছতো নিয়মীয়া শিক্ষকসকলৰ বিপৰীতে ঠিকাভিত্তিক এইসকল শিক্ষকে প্ৰতিটো ক্ষেত্ৰতে বঞ্চিত হৈ আহিছে বুলি সংবাদমেলখনৰ জড়িয়তে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Assam assembly winter season : তিনি বছৰত ২৫,৭৬৯.২২ কোটি টকাৰ GST সংগ্রহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.