ETV Bharat / state

উন্নয়নৰ স্বাৰ্থত জাকিৰ সিকদাৰক প্ৰয়োজন: মতিয়াৰ ৰহমান

author img

By

Published : Apr 2, 2021, 10:16 AM IST

সৰুক্ষেত্ৰী সমষ্টিত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন । কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰক মুকলি সমৰ্থন মুছলিম জাতীয় পৰিষদৰ প্ৰাৰ্থী মতিয়াৰ ৰহমানৰ ।

উন্নয়নৰ স্বাৰ্থত জাকিৰ সিকদাৰক প্ৰয়োজন : মতিয়াৰ ৰহমান

চেঙা, 2 এপ্ৰিল: সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰক মুকলি সমৰ্থন মুছলিম জাতীয় পৰিষদৰ প্ৰাৰ্থী মতিয়াৰ ৰহমানৰ ৷ চেঙাত বৃহস্পতিবাৰে এক সংবাদমেল যোগে এই ঘোষণা কৰে মতিয়াৰ ৰহমানে । সৰুক্ষেত্ৰী সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত জাকিৰ হুছেইন সিকদাৰক মুকলি সমৰ্থন জনোৱা বুলি সংবাদমেল যোগে ঘোষণা সৰুক্ষেত্ৰী সমষ্টিৰ মুছলিম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীৰ ।

সৰুক্ষেত্ৰীত ৰাইজৰ মাজত থাকি ৰাজনীতি কৰা জাকিৰ হুছেইন সিকদাৰক পূৰ্ণ সমৰ্থন মুছলিম জাতীয় পৰিষদৰ প্ৰাৰ্থী মতিয়াৰ ৰহমানৰ । জাকিৰ হুছেইন সিকদাৰক ভোট দি বিধানসভালৈ পঠিয়ালৈ মুছলিম জাতীয় পৰিষদৰ সমৰ্থক আৰু ভোটাৰ ৰাইজক আহ্বান জনাইছে মতিয়াৰ ৰহমানে ।

বদৰউদ্দিন আজমলে অসমীয়াৰ স্বাভিমান গামোচাক মঞ্চত দলিওৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মতিয়াৰ ৰহমানে কয় যে, অসমীয়া জাতি, বিশেষকৈ মুছলিম জাতিটোক আজমলে বাৰে বাৰে সংকটত পেলাই আছে ।

সংবাদ মাধ্যমৰ জৰিয়তে বদৰুদ্দিন আজমলক ধিক্কাৰ জনাইছ মতিয়াৰ ৰহমানে কয়, অসমখন শংকৰ-আজানৰ মিলনভূমি, অসমত হিন্দু -মুছলমান আমি সকলোৱে ভাতৃত্ববোধ আৰু মিলাপ্ৰীতিৰে বসবাস কৰি আছোঁ ৷ আমাৰ মাজত বিশৃংখলৰ সৃষ্টি কৰিবলৈ বদৰুদ্দিন আজমল চেষ্টা কৰে বুলি মন্তব্য কৰে মতিয়াৰ ৰহমানে ৷

লগতে পঢ়ক : শোকাকূল পৰিবেশৰ মাজত অন্তোষ্টিক্ৰিয়া লুৰিণ মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.