জনীয়া,31 মাৰ্চ: বিজেপিৰ সংখ্যালঘু মৰ্চাৰ চকচকা ব্লক মণ্ডলৰ সভাপতি ছাহজাহান আলীৰ মঙলবাৰে নিশা সৰভোগ সমষ্টিৰ কলহভঙাত সংবাদমেল সম্বোধন কৰে ৷ সংবাদ মেলত সৰভোগ সমষ্টিৰ সংখ্যালঘু লোকক মিত্ৰজোঁটৰ প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসক ভোটদান দিবলৈ আহ্বান জনায় । সংবাদমেলখন সম্বোধন কৰি বিজেপি নেতা ছাহজাহান আলীয়ে কয় যে, কংগ্ৰেছ চৰকাৰৰ দিনত বিটিআৰকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত গোষ্ঠীগত সংঘৰ্ষ হোৱাত বহু মুছলমানে জীৱন দিবলগীয়া হৈছিল ।
কিন্তু ৰাজ্যত বিজেপিৰ পাঁচ বছৰীয়া শাসন কালত কোনো সংঘৰ্ষ বাদেই জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত শান্তি ঘূৰি আহিছে । আনহাতে, সৰভোগ সমষ্টি ২০ বছৰ চিপিআই এমৰ দখলত থকাৰ দিনতো কোনো উন্নয়ন নোহোৱাৰ অভিযোগ উত্থাপন কৰে বিজেপি নেতা ছাহজাহান আলীয়ে ।
তাৰ বিপৰীতে সৰভোগত বিগত পাঁচ বছৰত বিজেপি বিধায়ক ৰণজিৎ কুমাৰ দাসে অভূতপূৰ্ব উন্নয়ন সাধন কৰা বুলি প্ৰকাশ কৰে আলীয়ে । সৰভোগ সমষ্টিত অধিক উন্নয়নৰ স্বাৰ্থত এই নিৰ্বাচনত মুছলমান লোকসকলক বিজেপিক ভোটদান কৰিবলৈ ছাহজাহান আলীয়ে সংবাদমেল যোগে আহ্বান জনায় । সংবাদমেলত সংখ্যালঘু মৰ্চাৰ বিজেপি নেতা আমজাদ আলী উপস্থিত থাকে ৷