সৰভোগ, 7 এপ্ৰিলঃ সৰভোগ সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে মঙলবাৰে সৰভোগত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । যিসকল লোকৰ বৰ্তমানলৈ বিপিএল কাৰ্ড নাই বা অন্য স্থানৰ পৰা আহি সৰভোগত বাস কৰি আছ, তেনে 5 হাজাৰ 2 শ লোকক অতিমধ্যে চিনাক্ত কৰি উলিওৱা হৈছে আৰু তেওঁলোকক খাদ্য সামগ্ৰী বিতৰণৰ কাৰ্যসূচী আজিৰে পৰা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰঞ্জিত কুমাৰ দাসে । ৰাজ্যজুৰি থকা বিজেপিৰ 17 হাজাৰ জনপ্ৰতিনিধিয়ে, ৰাজ্যৰ মুঠ 7 লাখ অসহায় লোকক সাহায্য সামগ্ৰী বিতৰণ কৰা বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে । লগতে সৰভোগ সমষ্টিৰ বহু সংখ্যক ৰাইজে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আৰোগ্য নিধি আৰু প্ৰধানমন্ত্ৰীৰ পুঁজিলৈ কেইবা লক্ষাধিক টকা সাহায্য আগবঢ়োৱাৰ বাবে সৰভোগ সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰে ৰঞ্জিত কুমাৰ দাসে । ইয়াৰোপৰি আমিনুল ইছলামৰ সাম্প্ৰদায়িক মন্তব্যৰ বিষয়েও উল্লেখ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ।
লগতে পঢ়কঃ কোৱাৰেণ্টাইন কেন্দ্ৰত আছে সকলো যাৱতীয় সুবিধা