ETV Bharat / state

জনীয়াত এ জে পিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ আগমণৰ ব্যাপক প্ৰস্তুতি

author img

By

Published : Jan 9, 2021, 2:31 PM IST

Updated : Jan 9, 2021, 5:48 PM IST

অহা ১০ জানুৱাৰীত জনীয়াৰ বামুণটাৰীৰ উদমাৰীত অনুষ্ঠিত হ'বলগীয়া অসম জাতীয় পৰিষদৰ সভাৰ প্ৰস্তুতি তুংগত । উদমাৰীস্থিত আতোৱাৰ ৰহমান মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হ'বলগীয়া সভাত অংশগ্ৰহণ কৰিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ।

জনীয়াত এ জে পিৰ সভাৰ প্ৰস্তুতি তুংগত
জনীয়াত এ জে পিৰ সভাৰ প্ৰস্তুতি তুংগত

জনীয়া, ৯ জানুৱাৰী: বৰপেটাৰ জনীয়াত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে দলৰ কৰ্মকৰ্তাই । অহা ১০ জানুৱাৰীত বামুণটাৰীৰ উদমাৰীস্থিত আতোৱাৰ ৰহমান মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হ'ব যোগদান জনসভা । দেওবাৰে দিনৰ ১২ বজাত সভাস্থলীত লুৰিণজ্যোতি গগৈ উপস্থিত হ'ব বুলি জানিবলৈ দিছে আয়োজকসকলে ।

জনীয়াত এ জে পিৰ সভাৰ প্ৰস্তুতি তুংগত

এই সভাতে এ আই ইউ ডি এফৰ জনীয়া সমিতিৰ সভাপতি শুকুৰ আলী আহমেদে ১০ হাজাৰ কৰ্মীক লগত লৈ অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি সংবাদ মাধ্যমক জনায় । সভাত ৯০ লাখ পূৰ্ববংগীয় সংখ্যালঘু লোকৰ নাগৰিকত্বকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি জনাইছে আয়োজকসকলে । আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ আগমণৰ বাতৰিয়ে বামুনটাৰী অঞ্চলৰ লগতে সমগ্ৰ জনীয়া সমষ্টিত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে ।

জনীয়া সমষ্টিৰ গুনিয়ালগুৰিকে ধৰি কেইবাখনো সাপ্তাহিক আৰু দৈনিক বজাৰ সমিতিয়ে বজাৰসমূহ বন্ধ কৰি সভাত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । বিধানসভা নিৰ্বাচনত জনীয়াৰ ৰাইজৰ সঁহাৰি লাভৰ পৰিকল্পনাৰে এই সভাৰ আয়োজন কৰা হৈছে আৰু দেওবাৰে সভাপতি লুৰিণজ্যোতি গগৈসহ অসম জাতীয় পৰিষদৰ কেইবাজনো নেতা সভাত উপস্থিত থাকিব ।

লগতে পঢ়ক:ৰাইজৰ দলৰ অভিৱৰ্তনত উপস্থিত অখিল গগৈৰ মাতৃ

Last Updated : Jan 9, 2021, 5:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.