বৰপেটা, 22 এপ্ৰিল: কৰ'ণা মহামাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত দেশজুৰি অব্যাহত আছে লক ডাউন ৷ এই লক ডাউনৰ বাবে দেশৰ সকলো ক্ষেত্ৰৰ লগতে প্ৰভাৱ পৰিছে কৃষিৰ লগতে অসমৰ অৰ্থনীতিৰ মূল আধাৰ পশুপালনৰ ওপৰতো ৷ লক ডাউনৰ বাবে কৃষকসকলৰ লগতে সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ পশুপালক সকল ৷ বিশেষকৈ ঔষধ আৰু পশু খাদ্যৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে হাঁহ কুকুৰা আৰু পশু পালকসকল ৷ পশুপালন বিভাগৰ তৎপৰতাৰ অভাৱ আৰু যোগান সীমিত থকাৰ অজুহাতত ব্যৱসায়ীয়ে দুগুণ বৃদ্ধি কৰিছে পশুখাদ্যৰ মূল্য ৷ দুৰ্ভাগ্যৰ কথা যে,ঔষধ আৰু পশুখাদ্যৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী অতুল বৰাৰ নাই কোনো তৎপৰতা ৷ ফলত ঔষধ আৰু খাদ্যৰ অভাৱত মৃত্যু হৈছে হাঁহ কুকুৰা ৷ ইপিনে উৎপাদিত হাঁহ,কুকুৰাৰ লগতে পোৱালি আৰু কণী বিক্ৰীৰো নাই কোনো ব্যৱস্থা ৷
লক ডাউনৰ মাজতে সৃষ্টি হোৱা এই অভাৱনীয় পৰিস্থিতিৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে পশুপালক সকল ৷ লক ডাউনৰ সময়ছোৱাত বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা ৰাজ্যৰ পশুপালক সকলৰ মনত বৰ্তমান সময়ত এটাই প্ৰশ্ন এই ক্ষতিৰ পৰা পশুপালকসকলক উদ্ধাৰৰ বাবে কিবা ব্যৱস্থা ল'বনে পশুপালন মন্ত্ৰী অতুল বৰাই ? নে নিয়মমাফিক কামকাজতেই আবদ্ধ থাকিব মন্ত্ৰী অতুল বৰাৰ তৎপৰতা ?
লগতে পঢ়কঃ বাক্সাত খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণত বিসংগতি!