বৰপেটা / নলবাৰী 30 জুনঃ দেশৰ প্ৰধান মন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কোৱাৰ সময়তে ৰাজ্যৰ বাট পথে উদঙাই দিছে উন্নয়নৰ নগ্ন স্বৰূপ। পথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক ৷
বৰপেটা বিধানসভা আৰু মথনগুৰি এমচিএলএৰ অন্তৰ্গত কাউৰপাৰা গাঁওখনৰ পথটোৰ এনে জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি পিছে কানসাৰ নাই বৰপেটাৰ স্থানীয় বিধায়ক গুনীন্দ্ৰ নাথ দাস আৰু বিটিএডি প্ৰশাসনৰ মথনগুৰি সমষ্টিৰ এমচিএলএ গৌতম দাসৰ ৷ বৰপেটা বিধানসভা সমষ্টি আৰু মথনগুৰি এমচিএলএৰ অধীনৰ গাঁওখনৰ পথটো মেৰামতি অথবা পকীকৰণৰ বাবে আজিলৈকে গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা ৷ কাউৰপাৰা গাঁৱতেই ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক আবুল কালাম আজাদৰ বাসগৃহ ৷ কিন্তু নিজ গাঁৱৰ পথটোৰ এনে অৱস্থাৰ প্ৰতি নিৰ্লিপ্ত বিধায়ক গৰাকী ৷ 31 নংৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰপেটাৰোড সংযোগী পথছোৱাৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে ৰাইজে যমৰ যাতনা ভোগ কৰিব লগা হৈছে ৷ সামান্য বৰষুণ দিলেই বোকাৰে পথাৰ সদৃশ হৈ পৰা পথটো শীঘ্ৰে পকীকৰণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে ৷
নলবাৰীটো জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে পথচাৰীক ৷ কিন্তু কাণসাৰ নাই গড়কাপ্তানি বিভাগৰ ৷ নলবাৰী আৰু ধৰ্মপুৰ সমষ্টিৰ মাজত আছে এই পথটো । বগলছৰোড চ'কৰ পৰা গোপালথান হৈ সৰ্থেবাৰী যাব পৰা এই পথটোৱে সংযোগ কৰিছে দুটাকৈ মূল পথক। পূৱে বগলছৰোড চক হৈ হাজো-নলবাৰী পথক আৰু পশ্চিম ফালেৰে সংযোগ কৰিছে চামতা-সৰ্থেৱাৰী হৈ বৰপেটা সংযোগী পথটোক । বিগত 15-20 বছৰে এনেদৰে পথটোৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ মাজেৰে যাতায়ত কৰি আহিছে স্থানীয় ৰাইজে ৷ যাৰ ফলত যমৰ যাতনা সহিব লগা হৈছে পথটোৰে আহযাহ কৰা পথচাৰীৰ লগতে স্থানীয় ৰাইজে।