ETV Bharat / state

পথৰ দুৰৱস্থাই যমৰ যাতনা ভোগাইছে বাঘবৰবাসীক - Poor Road

২০০৫ চনতে পকীকৰণ কৰা বৰপেটা - বাঘবৰ সংযোগী পথছোৱা ইমানদিনে নহ'ল মেৰামতি ৷ ফলত এতিয়া পুখুৰীত পৰিণত হৈছে বাঘবৰৰ গড়কাপ্তানী বিভাগৰ পথটো ৷ পথ এৰি দেৱালৰ ওপৰেৰে খুপি খুপি পাৰ হ'বলগীয়া হৈছে পথচাৰী ৷

বৰপেটাৰ বাঘবৰ পথৰ দুৰাৱস্থা
author img

By

Published : May 29, 2019, 10:35 AM IST

বৰপেটা, 29 মেঃ বৰপেটাৰ বাঘবৰৰ পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক ৷ পথত নাও চলাই, কঠীয়া ৰুই প্ৰতিবাদ ৰাইজৰ ৷

২০০৫ চনতে পকীকৰণ কৰা বৰপেটা - বাঘবৰ সংযোগী পথছোৱা ইমানদিনে নহ'ল মেৰামতি ৷ ফলত এতিয়া পুখুৰীত পৰিণত হৈছে বাঘবৰৰ গড়কাপ্তানী বিভাগৰ পথটো ৷ পথ এৰি দেৱালৰ ওপৰেৰে খুপি খুপি পাৰ হ'বলগীয়া হৈছে পথচাৰী ৷ তাকে লৈ গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বাঘবৰ আঞ্চলিক সমিতিৰ নেতৃত্বত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল বাঘবৰৰ ৰাইজ ৷ বহু দিন ধৰি স্থানীয় বিধায়কক পথটো মেৰামতি কৰাৰ কথা অৱগত কৰিছিল যদিও এতিয়ালৈ কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে সমগ্ৰ বাঘবৰবাসী ৷

Slug:     as_bar_29may_baghbor_one_of_the_worst_roads_vis+bite_7203841                     

বৰপেটাৰ বাঘবৰবাসীয়ে যাতায়াতৰ নামত ভূগিছে নৰক যন্ত্ৰণা ৷
বাঘবৰৰ পথৰ উন্নয়ন সাধন হব কেতিয়া ৷
গড়কাপ্তানি পথত নাও চলাই, কঠীয়া ৰুই প্ৰতিবাদ ৷
উন্নয়ন, বিকাশ আৰু পৰিবৰ্তনে আজিও ঢুকি নাপালে বাঘবৰবাসীক ৷৷ 

বৰপেটা, ২৯ মেঃ এয়া বৰপেটা জিলাৰ বাঘবৰৰ গড়কাপ্তানি পথৰ দৃশ্য ৷ যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভূগি অহা বাঘবৰৰ ৰাইজৰ অভিনব প্ৰতিবাদ ৷ গড়কাপ্তানী পথৰ ওপৰত নাও চলাই, কঠীয়া ৰুই প্ৰতিবাদ বাঘবৰবাসীৰ ৷ ২০০৫ চনতে পকীকৰণ কৰা বৰপেটা - বাঘবৰ সংযোগী এই পথছোৱাত বিগত বছৰবোৰত নপৰিল এটাও শিলগুটি ৷ ফলত পথ গুছি এতিয়া পুখুৰীত পৰিণত হৈছে বাঘবৰৰ গড়কাপ্তানী বিভাগৰ এই পথছোৱা ৷ অতিষ্ঠ জনসাধাৰনে সেয়ে পথ উন্নয়নৰ দাবীত এনেদৰেই চামিল হ'ল প্ৰতিবাদত ৷ আপুনি চাওক কিদৰে পথ এৰি দেৱালৰ ওপৰেৰে খুপি খুপি পাৰ হবলগীয়া হৈছে পথচাৰী ৷ স্থানীয় লোক, ছাত্ৰ ছাত্ৰী অথবা আনলোকে পথটোৰে দৈনন্দিন কিদৰে যাতায়াত কৰিবলগীয়া হৈ আহিছে সেয়া হয়তো আৰু বুজিবলৈ আপোনাৰ বাকী নাই ৷ আৰু এয়া চাওক বাঘবৰৰ ৰাজহ চক্ৰ বিষয়া কংকন শৰ্মাই গড়কাপ্তানী বিভাগৰ পথৰ ওপৰেৰে নাৱত উঠি কেনেদৰে ৰাইজৰ সমস্যাৰ বুজ লবলৈ উপস্থিত হৈছে বাঘবৰত ৷ এই কথাই প্ৰমাণ কৰে উন্নয়ন, বিকাশ আৰু পৰিবৰ্তনকামী চৰকাৰে কিমান উন্নয়ন সাধন কৰিছে বাঘবৰবাসীৰ ৷ উন্নয়ন সাধন কৰিছে বাঘবৰৰ বাট-পথৰ ৷ নিৰ্লিপ্ত জনপ্ৰতিনিধি আৰু উদাসীন গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে সেয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বাঘবৰ আঞ্চলিক সমিতিৰ নেতৃত্বত এনেদৰে আন্দোলনত নামি পৰিল বাঘবৰৰ ৰাইজ ৷ ধ্বনিত হ'ল শ্বেৰমান আলী মূৰ্দাবাদ, ৰাজ্য চৰকাৰ মূৰ্দাবাদ ধ্বনি ৷ দাবী উঠিল পথ মেৰামতি আৰু পকীকৰণৰ ৷ বাঘবৰক পৰ্যটনক্ষেত্ৰৰূপে গঢ়ি তুলিব বিচৰা ৰাজ্য চৰকাৰ অথবা গড়কাপ্তানি বিভাগে পথ উন্নয়নৰ বাবে গ্ৰহন কৰিবনে কাৰ্যকৰী পদক্ষেপ ৷ 

বাইটঃ দুগৰাকী স্থানীয় লোক,  বাঘবৰ ৷
বাইটঃ ছাত্ৰমুক্তিৰ স্থানীয় কৰ্মী ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.