ETV Bharat / state

বৰপেটাৰ সমাজ জীৱনৰ মহীৰূহ গোকুল পাঠক অসুস্থ - বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা, শিল্পী, সাহিত্যিক, সাংবাদিক, গোকুল পাঠক

বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা, শিল্পী, সাহিত্যিক, সাংবাদিক, বিষ্ণু ৰাভাৰ সহযোগী গোকুল পাঠক অসুস্থ ৷ বিগত কেইবাদিন ধৰি খোৱা-বোৱাৰ ক্ষেত্ৰত সমস্যাত ভোগাৰ লগতে স্মৃতি বিভ্ৰম হৈছে বিশিষ্ট ব্যক্তিগৰাকীৰ ৷

poor health condition of eminent journalist and writer Gokul Pathak
বৰপেটাৰ সমাজ জীৱনৰ মহীৰূহ গোকুল পাঠক অসুস্থ
author img

By

Published : May 5, 2020, 6:43 PM IST

বৰপেটা, ৫ মে' ঃ অসুস্থ হৈ পৰিছে বৰপেটাৰ ৰত্ন গোকুল পাঠক ৷ বাৰ্ধক্যজনিত ৰোগত দীৰ্ঘদিন ধৰি অসুস্থ গোকুল পাঠক শেহতীয়াভাৱে যোৱা তিনিদিনমান ধৰি খোৱা বোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ৷ ৯৫ বছৰতো প্ৰখৰ স্মৃতিশক্তিৰ অধিকাৰী বৰেণ্য শিল্পী সাহিত্যিকগৰাকী শেহতীয়াভাৱে যোৱা দুদিনমান ধৰি স্মৃতি বিভ্ৰমৰো সন্মুখীন হৈছে ৷

বৰপেটাৰ সমাজ জীৱনৰ মহীৰূহ গোকুল পাঠক অসুস্থ
বৰপেটাৰ সমাজ জীৱনৰ মহীৰূহ, বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা, বিষ্ণু ৰাভাৰ সহযোগী, শিল্পী, সাহিত্যিক, সাংবাদিক গোকুল পাঠক অসুস্থ হোৱাৰ খবৰে সকলোকে উদ্বিগ্ন আৰু চিন্তিত কৰি তুলিছে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে ঘৰতেই তেওঁৰ চিকিৎসা অব্যাহত ৰাখিছে ৷ ডা৹ ভাস্কৰ বেজ নামৰ সু-চিকিৎসকগৰাকীয়ে নিয়মীয়াকৈ তেওঁৰ স্বাস্থ্যৰ বুজ লৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷ ইফালে বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মায়ো তেওঁৰ স্বাস্থ্যৰ খবৰ লৈ আছে ৷ বৰপেটাৰ সমাজ জীৱনৰ মহীৰূহ শিল্পী, সাহিত্যিক গৰাকীৰ অসুস্থ হোৱাৰ খবৰে ব্যথিত কৰি তুলিছে বৰপেটাবাসীক ৷ সম্প্ৰতি শয্যাগত অৱস্থাত থকা লোকশিল্পৰ সুধাকৰ, সংগীত শিল্পী, সাহিত্যিক গৰাকীৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনবোধে চৰকাৰৰো সহায় কামনা কৰিছে পৰিয়ালৰ লোকে ৷

ইতিমধ্যে বিভিন্ন দল সংগঠনৰ লগতে, বিভিন্নজনে তেওঁৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ খবৰ লোৱা বুলিও পৰিয়ালবৰ্গই জানিবলৈ দিছে ৷ বৰপেটাৰ লগতে ৰাজ্যখনৰ অজস্ৰ গুণমুগ্ধই তেখেতৰ আশু আৰোগ্য কামনা কৰাৰ লগতে উন্নত চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.