ETV Bharat / state

পৰিত্যক্ত অৱস্থাত বাঘবৰৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়

পৰিত্যক্ত অৱস্থাত বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি মাজৰচৰ বজাৰস্থিত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় ৷ বিগত দুই-তিনিবছৰ ধৰি বন্ধ হৈ আছে এই কাৰ্যালয়টো ৷

author img

By

Published : Feb 9, 2021, 3:58 PM IST

poor condition Agriculture office at baghbor constituency
গুৰুত্বহীনভাৱে পৰি আছে বাঘবৰ সমষ্টিৰ মহকুমা কৃষি বিষয়া কাৰ্য্যালয়

জনীয়া, 9 ফেব্ৰুৱাৰী: ভূত বাংলালৈ পৰিণত হৈছে ৰাজ্যৰ এটা চৰকাৰী কাৰ্যালয় ৷ বৰপেটাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি মাজৰচৰ বজাৰস্থিত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বৰ্তমানৰ অৱস্থাই স্থানীয় লোকক আচৰিত কৰি তুলিছে ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি কাৰ্যালয়টোত কৰ্মচাৰী থকাৰ পিচতো আজিৰ দিনত গুৰুত্বহীনভাৱে পৰি আছে ৷ বিগত দুই-তিনি বছৰ ধৰি বন্ধ হৈ আছে এই কাৰ্যালয়টো ৷

ইফালে, কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীসকলে উচ্চ পদস্থ বিষয়াৰ লগতে ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ সৈতে বুজাবুজিৰে কাম-কাজ ঘৰৰ পৰাই নিয়ন্ত্ৰণ কৰে বুলি অভিযোগ তুলিছে স্থানীয় লোকে ৷ লগতে বৰ্তমান কাৰ্যালয়টোৰ দায়িত্বত থকা মহকুমা কৃষি বিষয়া জয়নাল আবদিন আৰু অৰুণ হাজৰিকা নামৰ অন্য এগৰাকী কৃষি বিষয়াই চৰকাৰে যোগান ধৰা সামগ্ৰীসমূহ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত‌ কৰি একাংশ দালালৰ দ্বাৰা বিতৰণ কৰি ব্যক্তিগত স্বাৰ্থ পূৰণ কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে ৷

পৰিত্যক্ত অৱস্থাত বাঘবৰৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়

বিষয়টো ইতিমধ্যে স্থানীয় লোকে বিধায়ক শ্বেৰমান আলী আহমেদ আৰু বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰিছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ ইয়াৰ সমান্তৰালভাৱে দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ শ্ল'গান দিয়া সোণোৱাল চৰকাৰৰ লগতে অতুল বৰা নেতৃত্বাধীন কৃষি বিভাগে কাৰ্যালয়টোৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোক ৷

লগতে পঢ়ক: নিজৰ ওপজা গাঁৱত আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.