বৰপেটা, ৬ মাৰ্চ: বিধানসভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বৰপেটা জিলা প্ৰশাসন ৷ নিৰ্বাচনৰ পূৰ্বে জিলাখনত যাতে কোনো ধৰনৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে জিলাখনৰ ঠায়ে-ঠায়ে তালাচী অভিযান, পেট্ৰ'লিং, ৰ'ডমাৰ্চ আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
শনিবাৰে বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাৰ নেতৃত্বত বৰপেটা চহৰত আৰক্ষী আৰু পেৰা মিলিটেৰী ফ'ৰ্চে ৰ'ড মাৰ্চত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব বৰপেটা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ ৷ বৰপেটা জিলাৰ ৬ টা বিধানসভা সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১১ লাখ ৪১ হাজাৰ ৩৮৪ গৰাকী ৷ বৰপেটাৰ ৬ টা বিধানসভা সমষ্টিৰ বাবে ১৯ মাৰ্চত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৷ বৰপেটা জিলাৰ ৬ টা বিধানসভা সমষ্টিৰ ভিতৰত সৰভোগ আৰু চেঙা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতাত নমা প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে অতিৰিক্ত নিৰীক্ষক নিয়োগ কৰা হৈছে ৷ আনহাতে নিৰ্বাচনৰ কামত জড়িত চেলসমূহৰ লগতে ফ্লাইং স্কোৱাডসমূহ নিৰ্বাচনী কামৰ বাবে সক্ৰিয় কৰি তোলা হৈছে ৷ ভোটাৰৰ বিভিন্ন অভিযোগ বা আপত্তি আৰু সহায়ৰ বাবে জিলা প্ৰশাসনে মুকলি কৰিছে ১৯৫০ হেল্প লাইন নম্বৰ ৷