জনীয়া,৩০ জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুজ্ঞাপত্ৰ বিহীন বালি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্ম অব্যাহত আছে । বহু স্থানত এই ট্ৰেক্টৰবোৰৰ দৌৰাত্মৰ বাবে দুৰ্ঘটনাও সংঘটিত হৈছে । য'ত নিৰীহ লোকৰ প্ৰাণ গৈছ । যাৰ বাবে শেহতীয়াকৈ ট্ৰেক্টৰৰ দৌৰাত্ম বন্ধ কৰাৰ বাবে সষ্টম হৈছে বৰপেটা জিলা প্ৰশাসন ।
বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বামুনটাৰী দ্বিতীয় বিকল্প ৰাজ্যিক ঘাইপথত অবৈধ বালি কঢ়িওয়া ট্রেক্টৰৰ বিৰুদ্ধে অভিযান চলিল বালিকুৰি আৰক্ষীৰ (Police raid against unlicensed tractors in Barpeta)। বৰপেটা জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি ব্যাপক তৎপৰতাৰে আৰক্ষীয়ে আৰম্ভ কৰিছে এই অভিযান । প্ৰতিখন ট্রেক্টৰৰ চালকৰ অনুজ্ঞাপত্ৰ, প্ৰদূষণ প্ৰমাণপত্ৰ, ট্রেক্টৰ আৰু ট্ৰলিৰ প্ৰমাণপত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে ।
অৱশ্যে ইয়াৰ মাজতে অনুজ্ঞাপত্ৰ নথকা একাংশ ট্রেক্টৰ পলাই যাবলৈ সক্ষম হয় আৰু লগতে নথি পত্ৰ নথকা ট্রেক্টৰৰ বিৰুদ্ধে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । ইফালে আৰক্ষীৰ এই অভিযানক লৈ ৰাইজে ব্যাপক সঁহাৰি দিয়াও দেখা গৈছে ।
লগতে পঢ়ক : Acid attack in Goalpara: দুই বন্ধুৰ দ্বাৰা পত্নীৰ শৰীৰত এছিড নিক্ষেপ কৰালে স্বামীয়ে