বৰপেটাৰোড, 24 এপ্ৰিল : বৰপেটাৰোডৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাংগাৰ চাইনবৰ্ড’ৰ সমীপৰ এখন ধাবাত দেহ ব্যৱসায় চলাই থকাৰ অভিযোগত দেওবাৰে স্থানীয় একাংশ যুৱকে অতৰ্কিতে অভিযান চলাই ধাবাখন ভাঙি লণ্ডভণ্ড কৰে । ধাবাখনত দেহ ব্যৱসায় চলোৱাৰ অভিযোগত দুগৰাকী যুৱতীৰ লগতে ধাবাখনলৈ অহা যুৱককো একাংশ উত্তেজিত যুৱকৰ দলটোৱে বাঁহেৰে কোবাই, লথিয়াই, গতিয়াই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে ৷ সমগ্ৰ ঘটনাৰ ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাচতেই ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ হৈছে (Barpeta sex racket moral police incident) ৷
দেশত আইন-কানুন থকাৰ পাচতো আৰক্ষীৰ অনুপস্থিতিত উত্তেজিত একাংশ যুৱকে মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হৈ আইন নিজৰ হাতত তুলি যুৱতী দুগৰাকীৰ লগতে কেইবাজনো যুৱকক জধে-মধে উপৰ্যুপৰি প্ৰহাৰ কৰা কাৰ্যত বৰপেটাৰোড আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আইন হাতত তুলি লোৱা লোকৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে (Barpeta sex racket news) ৷
দেহ ব্যৱসায়ৰ অভিযোগ তুলি বিশেষকৈ যুৱতী দুগৰাকীক আক্ৰমণ কৰা প্ৰতিজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাইছে ৷ বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঔম প্ৰকাশ তিৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযুক্তৰ ঘৰে ঘৰে গৈ অভিযান চলাইছে বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে ৷ তাৰোপৰি আইন হাতত তুলি লোৱা কোনো এজন লোক সাৰি যাব নোৱাৰে বুলিও আৰক্ষী বিষয়া গৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷ অভিযুক্ত লোকসকল সম্প্ৰতি পলাতক হৈ থকা বুলি জানিব পৰা গৈছে (Prostitution in Barpeta) ৷
উল্লেখ্য যে, বৰপেটাৰোডৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাংগা-চাইনবৰ্ডৰ সমীপৰ পথৰ দুয়োকাষে গঢ়লৈ উঠা ধাবা সমূহত দীৰ্ঘদিনৰে পৰাই দেহ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ স্মৰ্তব্য যে, দেহ ব্যৱসায় বন্ধ হোৱাটো সৰ্বস্তৰৰ ৰাইজে কামনা কৰে ৷ কিন্তু দেহ ব্যৱসায় বন্ধ কৰাৰ নামত একাংশ উত্তেজিত যুৱকে আইন হাতত তুলিলৈ ধাবাত আক্ৰমণ কৰি ভাঙি লণ্ডভণ্ড কৰা আৰু দেহ ব্যৱসায়ৰ অভিযোগত যুৱক-যুৱতীক জধেমধে প্ৰহাৰ কৰা, সেয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলিও সচেতন মহলে মতপোষণ কৰিছে ৷
সেয়ে এই জঘন্য তথা নীচ মানসিকতাৰ দৰে নিকৃষ্ট ঘটনাত জড়িত থকা প্ৰতিজনলোকক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সচেতন মহলে আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৷
লগতে পঢ়ক : Singer Assaulted at Nalbari: নলবাৰীত সংগীতানুষ্ঠানৰ মাজতে কণ্ঠশিল্পীক অপদস্থ কৰাৰ অভিযোগ