বৰপেটাৰোড,27 মে’: মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ খণ্ড বন বিষয়া আৰু সৰভোগ আৰক্ষীৰ যুটীয়া অভিযানত আৰক্ষীয়ে সৰভোগৰ নিজদমকা গাঁৱৰ পৰা এটা দুস্প্ৰাপ্য কাছসহ বুধবাৰে এজন লোকক আটক কৰে ।
উল্লেখ্য যে, মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ খণ্ড বন বিষয়া নয়নজ্যোতি পাঠকে এক গোপন সূত্ৰৰ পম খেদি মানাহ ব্যাঘ্ৰ প্ৰকল্প আৰু সৰভোগ আৰক্ষীৰ যুটীয়া অভিযানত সৰভোগৰ নিজদমকা গাঁৱৰ হৃদয়ানন্দ দাসৰ গৃহৰ পৰা এটা ৬ কিল’গ্ৰাম ওজনৰ দুস্প্ৰাপ্য কাছ উদ্ধাৰ কৰে ।
আৰক্ষীয়ে উক্ত ঘটনাৰ লগত জড়িত চোৰাং ব্যৱসায়ী হৃদয়ানন্দ দাসক কৰায়ত্ত কৰে । বনৰীয়া জন্তুৰ চোৰাং ব্যৱসায়ত জড়িত হৃদয়ানন্দ দাসে উদ্ধাৰ কৰা কাছটো বিক্ৰীৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ পৰা কোনো অজ্ঞাত লোকৰ পৰা ক্ৰয় কৰি অনা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে । ধৃত হৃদয়ানন্দ দাসক বুধবাৰে আৰক্ষীয়ে বৰপেটা জেললৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : সৰভোগত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ চাৰি যুৱক আটক