ETV Bharat / state

অনাময় আঁচনি কেলেংকাৰীঃ জেল-হাজোতলৈ প্ৰেৰণ কণিষ্ঠ অভিযন্তা নাছিৰুদ্দিনক - গাঁও পঞ্চায়ত

জনস্বাস্থ্য কাৰিকৰী বিভাগত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে ইতিমধ্যে কাৰ্যবাহী অভিযন্তা বিজিত দত্তৰ লগতে নাছিৰুদ্দিন আহমেদ, বিআৰচিচি ইন্তাজ ৰহমান, একাংশ বেচৰকাৰী সংস্থাৰ বিৰুদ্ধে বাঘবৰ আৰু মন্দিয়া থানাত চাৰিটাকৈ গোচৰ ৰুজু হৈ আছে ৷ ইতিমধ্যে বাঘবৰৰ বাঘবৰ গাঁও পঞ্চায়ত, মন্দিয়া গাঁও পঞ্চায়ত, ৰাঙাপাৰা গাঁও পঞ্চায়ত আৰু মানিকপুৰ গাঁও পঞ্চায়তৰ একাংশ হিতাধিকাৰীয়ে ৰুজু কৰিছিল এই গোচৰ ৷

corruption at barpeta
corruption at barpeta
author img

By

Published : Oct 23, 2020, 7:55 PM IST

বৰপেটা, ২৩ অক্টোবৰ : বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগত সংঘটিত ভয়ংকৰ কেলেংকাৰীয়ে লৈছে নতুন মোৰ ৷ শুকুৰবাৰে বৰপেটা আৰক্ষীয়ে নাছিৰুদ্দিন আহমেদক বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পিচত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ ধৃত কনিষ্ঠ অভিযন্তাগৰাকী গৰাকীক বৰপেটা জিলা কাৰাগাৰত ৰখাৰ পিচত অহা ২৭ অক্টোবৰত তেওঁক গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিছে বৰপেটাৰ উপ আৰক্ষী অধীক্ষক মদন কলিতাই ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে ইতিমধ্যে কাৰ্যবাহী অভিযন্তা বিজিত দত্তৰ লগতে নাছিৰুদ্দিন আহমেদ, বিআৰচিচি ইন্তাজ ৰহমান, একাংশ বেচৰকাৰী সংস্থাৰ বিৰুদ্ধে বাঘবৰ আৰু মন্দিয়া থানাত চাৰিটাকৈ গোচৰ ৰুজু হৈ আছে ৷ ইতিমধ্যে বাঘবৰৰ বাঘবৰ গাঁও পঞ্চায়ত, মন্দিয়া গাঁও পঞ্চায়ত, ৰাঙাপাৰা গাঁও পঞ্চায়ত আৰু মানিকপুৰ গাঁও পঞ্চায়তৰ একাংশ হিতাধিকাৰীয়ে ৰুজু কৰিছিল এই গোচৰ ৷

জেল-হাজোতলৈ প্ৰেৰণ কণিষ্ঠ অভিযন্তা নাছিৰুদ্দিনক

এই ক্ষেত্ৰত বাঘবৰ গাঁও পঞ্চায়তত 238/2020 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 120B/406/409/420 ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷ একেদৰে, ৰাঙাপাৰা গাঁও পঞ্চায়তত সংঘটিত কেলেংকাৰী সন্দৰ্ভত বাঘবৰ থানাত 282/2020 নম্বৰত ৰুজু কৰা হৈছে গোচৰ ৷ মন্দিয়া গাঁও পঞ্চায়তত সংঘটিত কেলেংকাৰী সন্দৰ্ভত 323/2020 নম্বৰৰ অধীনত মন্দিয়া আৰক্ষী চকীত গোচৰ ৰুজু ৷ বাঘবৰৰ মানিকপুৰ গাঁও পঞ্চায়তত সংঘটিত কেলেংকাৰী সন্দৰ্ভত 347/2020 বাঘবৰ থানাত গোচৰ ৰুজু কৰা হৈছিল ৷

জিলাখনত অনাময় আঁচনি ৰূপায়নৰ নামত কাগজে কলমে শৌচাগাৰ নিৰ্মাণ কৰা দেখুৱাই ৰাজকোষৰ ধন হজম কৰাৰ তথ্য পোহৰলৈ আহিছিল কিছুদিন পূৰ্বে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰি ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছিল ৷ এই ঘটনাৰ তদন্ত আগবঢ়াই নিছিল বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে ৷ কিন্তু বৃহস্পতিবাৰে বিভাগটোৰ কনিষ্ঠ অভিযন্তা এগৰাকীয়ে তদন্তকাৰী বিষয়াক ঘোচ দিবলৈ গৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া ঘটনাক লৈ বৰপেটাত সৃষ্টি হৈছে চাঞ্চল্য ৷

বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে কেইটামান বেচৰকাৰী সংস্থাৰ সহযোগত বাঘবৰত শৌচাগাৰ নিৰ্মাণ নকৰাকৈয়ে কোটি কোটি টকা উলিয়াই নিয়াৰ পিচত বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই দিছিল তদন্তৰ নিৰ্দেশ ৷ পিছে শৌচাগাৰ কেলেংকাৰীক গাপ দিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিন আহমেদে তদন্তকাৰী বিষয়া নৱজিৎ পাঠকক ঘোচ দিবলৈ গৈ বৃহস্পতিবাৰে নিশা ৯০ হাজাৰ টকাসহ গ্ৰেপ্তাৰ হয় ৷

লক্ষ্যনীয়ভাৱে, শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত কেলেংকাৰীক লৈ বৰপেটাত ৪ টাকৈ গোচৰ ৰুজু হোৱাৰ পিচতো বৰপেটা আৰক্ষীয়ে কোনো এজন অভিযুক্তকে আজি পৰ্যন্ত আটক কৰিবলৈ সক্ষম নহ'ল ৷ অৱশ্যে বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে কেলেংকাৰীৰ অভিযুক্ত কনিষ্ঠ অভিযন্তাজনক আৰক্ষীক গটাই দিয়াৰ পিচত তদন্তই কি গতি লয় সেয়ালৈ জিলাবাসীয়ে আগ্ৰহেৰে বাট চাইছে ৷

লগতে পঢ়ক : তদন্তকাৰী বিষয়াক ঘোচ দিবলৈ গৈ আটক কনিষ্ঠ অভিযন্তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.