ETV Bharat / state

বিজেপি গমন নিশ্চিত হ’ল বিধায়ক ফণী তালুকদাৰৰ - BJP

বিগত কেইবাদিনো ধৰি ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰে বিজেপিত যোগদান কৰাৰ বাতৰিয়ে ৰাজ্যৰ ৰাজনীতিত চৰ্চা লাভ কৰিছিল ৷ অৱশেষত সকলো উৎসুকতাৰ নিজে অৱসান ঘটালে বিধায়কগৰাকীয়ে ৷ পঢ়ক এই প্ৰতিবেদনত...

Phani Talukdar ASC10080
বিজেপি গমন নিশ্চিত হ’ল বিধায়ক ফনী তালুকদাৰৰ
author img

By

Published : Aug 28, 2021, 12:39 PM IST

পাঠশালা, 28 আগষ্ট : অৱশেষত বিজেপি গমনক লৈ চলি থকা সকলো চৰ্চাৰ অন্ত পেলালে বিধায়ক ফণী তালুকদাৰে ৷ 1 ছেপ্তেম্বৰত বিজেপিত যোগদান নিশ্চিত ভৱানীপুৰৰ এআইইউডিএফ (AIUDF)ৰ বিধায়ক ফণী তালুকদাৰৰ ৷ শুকুৰবাৰে ভৱানীপুৰ সমষ্টিৰ (Bhawanipur Constituency) নিজ বাসভৱনত অগপ-বিজেপি কৰ্মীৰে হোৱা আলোচনাৰ অন্তত এই কথা সদৰী কৰে বিধাকগৰাকীয়ে ৷

ইতিমধ্যে আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভত বিধায়কগৰাকীয়ে সমষ্টিবাসীৰ লগতে অগপ-বিজেপি কৰ্মীসকলৰ সৈতে আলোচনা অব্যাহত ৰখা বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ আনহাতে, তেওঁ বিধায়ক পদ এৰাৰ পিছত সমষ্টিটোৰ উপ নিৰ্বাচনত অগপই প্ৰাৰ্থিত্ব দাবী কৰা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ভৱানীপুৰৰ আসনখন এতিয়া বিজেপিৰ দখললৈ আহিব, যিহেতু তেওঁ এআইইউডিএফ ত্যাগ কৰি বিজেপি দললৈ যাব । গতিকে আসনখন অগপ দলক দিয়াৰ প্ৰশ্ন নুঠে ।

বিজেপি গমন সন্দৰ্ভত ফণী তালুকদাৰৰ ভাষ্য

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত বহুতো পট পৰিৱৰ্তনৰ সাক্ষী হৈছে অসমৰ ৰাইজ ৷ ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোঁহাই আদি কেইবাগৰাকীও কংগ্ৰেছ নেতাই গেৰুৱা বাহিনীত যোগদান কৰিছে ৷

লগতে পঢ়ক : উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে চৰকাৰে

ইয়াৰ পিছতে এতিয়া ফণী তালুকদাৰৰো বিজেপি গমনে গেৰুৱা দলটোক অধিক শক্তিশালী কৰি তুলিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷ ইতিমধ্যে ৰাজ্যৰ পাঁচটাকৈ সমষ্টি ক্ৰমে তামুলপুৰ, গোসাঁইগাঁও, থাওৰা, মৰিয়নী আৰু মাজুলীত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবেও তৎপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল ৷

ইয়াৰ মাজতে ফণী তালুকদাৰ বিজেপি গমন নিশ্চিত হোৱাৰ পিছত পুনৰ এটা সমষ্টি হৈ পৰিব বিধায়ক শূন্য অৰ্থাৎ ভৱানীপুৰতো অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ৷ গতিকে এই উপ-নিৰ্বাচনত অতি আকৰ্ষণীয় হ’ব ৰাজ্যৰ ৰাজনীতিৰ বাবে ৷ কাৰণ ইয়াৰে তিনিটা সমষ্টিৰে বিধায়কসকলে দলত্যাগ কৰি যোগদান কৰিছে বিজেপিত ৷

আনহাতে, সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে খালী হৈ আছে মাজুলীৰ আসনখনো ৷ গতিকে উপ নিৰ্বাচনত থাওৰা, মৰিয়নী আৰু ভৱানীপুৰৰ বিধায়ক ক্ৰমে সুশান্ত বৰগোঁহাই, ৰূপজ্যোতি কুৰ্মী আৰু ফণী তালুকদাৰে বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷

গতিকে এই তিনিটা সমষ্টি বিজেপিৰ দখললৈ যোৱাটো প্ৰায়ে নিশ্চিত হৈ পৰিছে ৷ মাজুলীত সৰ্বানন্দ সোণোৱালৰ সলনি দলটোৱে কাক প্ৰক্ষেপ কৰিব তাক লৈ এইপৰ্যন্ত কোনো নিশ্চিতি প্ৰদান কৰা নাই যদিও মাজুলীৰ আসনখনো বিজেপিৰ দখললৈ আহিব বুলিয়ে আশাবাদী ৰাজ্যিক বিজেপি ৷

লগতে পঢ়ক : মিকিৰ-বামুণী গ্ৰাণ্টক লৈ পুনৰ উত্তাল বঢ়মপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.