বৰপেটাৰোড ২৮ জানুৱাৰী : বাইকত তেল ভৰাবলৈ যোৱা গ্ৰাহকক ৰামঠগন দিয়াৰ অভিযোগ উত্থাপিত হৈছে সৰভোগৰ M/S B. R. Pump ৰ বিৰুদ্ধে (Petrol pump scam) ৷ অভিযোগ অনুসৰি, বৰপেটাৰোডৰ এজন যুৱকে সৰভোগৰ এই পেট্ৰল পাম্পটোত নিজৰ বাইকত তেল ভৰাবলৈ গৈছিল ৷ সচৰাচৰ গ্ৰাহকজনৰ গ্লেমাৰ বাইকখনত ৮০০ ৰ পৰা ৮৫০ টকাৰ পেট্ৰল ভৰালে ৮ লিটাৰ তেলৰ টেংকি ভৰ্তি হয় বুলি জানিবলৈ দিয়ে গ্ৰাহকজনে ৷
কিন্তু তেল ডিপ’ৰ কৰ্মচাৰীয়ে বাইকত ৯৫০ টকাৰ পেট্ৰল ভৰাই দিয়াৰ পাছতো টেংকি ভৰ্তি নোহোৱা বুলি অভিযোগ গ্ৰাহকৰ । যুৱকজনে তেওঁৰ বাইকত ৯৫০ টকাৰ তেল নাটে বুলি বাৰম্বাৰ কৈছিল যদিও তেল ডিপ’ৰ কৰ্মচাৰীয়ে সেইটো মানি লোৱা নাছিল ৷ পিছত যুৱকজনে সংবাদ মাধ্যমক ঘটনাটো সম্পৰ্কে অৱগত কৰে (Youth reveals petrol pump scam in sarbhog) ৷ সাংবাদিকে এই সম্পৰ্কত তেল ডিপ’ৰ কৰ্মচাৰীৰ পৰা জানিব বিচৰাত কৰ্মচাৰীয়ে এই ঘটনাটোৰ পৰা এৰাই চলাৰ লগতে তেল ডিপ’টোৰ কেইবাজনো কৰ্মচাৰীয়ে পলায়ন কৰে(Scam in Petrol pump by employee) ৷
পাছত M/S B. R. Pumpত ফুড এণ্ড চিভিল চাপ্লাই আৰু লিগেল মেট্ৰলজি বিভাগৰ বিষয়া উপস্থিতি হৈ তেল ডিপ’টোৰ নথিপত্ৰৰ লগতে সকলো ধৰণৰ সা-সামগ্ৰী তন্নতন্নকৈ পৰীক্ষা কৰে৷ উল্লেখ্য যে M/S B. R. Pumpৰ কৰ্মচাৰীয়ে বিভিন্ন সময়ত গ্ৰাহকক ঠগোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ গ্ৰাহকক ৰামঠগন দিয়া তেল ডিপ’টোৰ বিৰুদ্ধে প্ৰশাসনে কি পদক্ষেপ ব্যৱস্থা লব সেয়াহে লক্ষণীয় হব ৷
লগতে পঢ়ক : Hearing on Nagaon firing incident: কীৰ্তিকমলৰ পিতৃৰ সাক্ষ্যদান