ETV Bharat / state

কলগাছিয়াৰ বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা ৰাইজৰ - বেঁকী নৈৰ গৰাখহনীয়া

কলগাছিয়াৰ কাউৰজাহীত ৰাইজৰ উদ্যোগত বেঁকী নদী (Beki River) ৰ গৰাখহনীয়া (Erosion) প্ৰতিৰোধৰ প্ৰচেষ্টা । বছৰ বছৰ ধৰি স্থানীয় জনপ্ৰতিনিধি আৰু চৰকাৰে খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা নকৰাত ঘৰে ঘৰে বাহ সংগ্ৰহ কৰি পাৰ্কুপাইন নিৰ্মাণ কৰিবলগীয়া হৈছে ৰাইজে ।

People's efforts to prevent erosion of Beki River In Barpeta District
কলগাছিয়াৰ বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা ৰাইজৰ
author img

By

Published : Jun 29, 2021, 9:50 AM IST

জনীয়া, 29 জুন : বৰপেটা জিলাৰ (Barpeta District) কলগাছিয়াত বেঁকী নৈ (Beki River)ৰ ভয়ংকৰ গৰাখহনীয়া ৷ গৰাখহনীয়াৰ কৱলত উচন হ'ল শতাধিক পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে হাজাৰ বাজাৰ বিঘা কৃষি ভূমি । খাদ্য,বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত অনিদ্ৰা অনাহাৰে মুকলি পথাৰতে নিশা কটাবলগীয়া হৈছে খহনীয়াগ্ৰস্ত ৰাইজে । কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত চতলা গাঁও, কাউৰজাহী, বলাইপাথাৰ কেইখন মানাহ আৰু বেকী নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰি প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত ।

উল্লেখযোগ্য যে, বাৰিষাৰ প্ৰাকক্ষণতেই কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলা গাঁও কাউৰজাহী, বলাইপাথাৰ আদি গাঁৱত বেকী নদীয়ে গৰাখহনীয়াৰ ভয়ংকৰ তাণ্ডৱ চলোৱাত ইছপ বজাৰৰ নামনিত দুদিন পূৰ্বে পোন্ধৰ টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত উছন গৈছে । ইয়াৰ লগতে নদীৰ পাৰে পাৰে প্ৰায় বিশ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা ৰিং বান্ধখনো ভাগি যোৱাত বলাইপাথাৰ হৈ খাৰবাল্লীলৈ নদীৰ এটা নতুন সূতি ওলাই যোৱাৰ ফলত ন ন অঞ্চললৈ নদীৰ তীব্ৰ ভাবুকিৰ সৃষ্ট হৈছে ।

কলগাছিয়াৰ বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা ৰাইজৰ

বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে উপায়ন্তৰ হৈ ঘৰে ঘৰে বাহ সংগ্ৰহ কৰি পকেটৰ ধন খৰচ কৰি পৰ্কুপাইন নিৰ্মাণৰ কাম হাতত লয় । পাছলৈ স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে (MLA Dr. Hafish Rafikul Islam) বিধায়ক পুঁজিৰ পৰা আৰ্থিক সহায় কৰিব বুলি ঘোষণা কৰিছে । সাংসদ (MP) আব্দুল খালেকৰ দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজে । লগতে অঞ্চলটোত নদীৰ গৰাখহনীয়া স্থায়ীভাৱে প্ৰতিৰোধ কৰিবলৈ ৰাইজে জল সম্পদ বিভাগলৈ দাবী উত্থাপন কৰিছে ।

বিগত ছমাহ ধৰি গাঁওখনৰ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নৈৰ বুকুত জাহ যোৱাৰ লগতে শ শ বিঘা কৃষিভূমি ধ্বংস কৰিছে নৈৰ গৰাখহনীয়াই ৷ বেকী নৈৰ (Beki River) গৰাখহনীয়াত সৰ্বশ্ৰান্ত শতাধিক পৰিয়ালে ভেটি-মাটি হেৰুৱাই সৰ্বশ্ৰান্ত হৈছে । বিগত বছৰৰ বানপানীৰ পাচৰ পৰাই অঞ্চলটোত নিৰবিচ্ছিন্নভাৱে গৰাখহনীয়াই ধ্বংসলীলা চলাই আহিছে যদিও জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ নীৰৱ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী লোকসকল । কুম্ভকৰ্ণ নিদ্ৰাত থকা জিলা প্ৰসাশনক শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ (Erosion Protection) কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক-এজাক বৰষুণতে খহি পৰিল বঙাইগাঁও শোধনাগাৰৰ দেৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.