ETV Bharat / state

বেকী নৈৰ জলপৃষ্ঠক লৈ নৈপৰীয়া ৰাইজৰ মাজত আতংক

আতংকৰ মাজতে সময় পাৰ কৰিছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখন গাঁৱৰ ৰাইজে ৷ এতিয়াও জলমগ্ন নৈ পৰীয়া বিস্তীৰ্ণ অঞ্চল ৷

People afraid due to Beki river at Jonia
বেকী নৈৰ জলপৃষ্ঠক লৈ নৈপৰীয়া ৰাইজৰ মাজত আতংক
author img

By

Published : May 23, 2020, 7:40 PM IST

জনীয়া, 23 মে': ক্ৰমাৎ কমি আহিছে ভয়াৱহ ৰূপ ধাৰণ কৰা বেঁকী নৈৰ জলপৃষ্ঠ ৷ কিন্তু জলপৃষ্ঠ কমিলেও নৈপৰিয়া ৰাইজৰ মাজত কমা নাই আতংক ৷ এতিয়াও আতংকৰ মাজতে সময় পাৰ কৰিছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখন গাঁৱৰ ৰাইজে ৷ এতিয়াও জলমগ্ন নৈ পৰীয়া বিস্তীৰ্ণ অঞ্চল ৷

বেকী নৈৰ জলপৃষ্ঠক লৈ নৈপৰীয়া ৰাইজৰ মাজত আতংক

উল্লেখ্য যে, ভূটানৰ কুৰিশ্ব বান্ধৰ পানী এৰি দিয়াৰ ফলত শুকুৰবাৰে বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ জলমগ্ন হৈছিল বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখন গাঁও ৷ হঠাৎ অহা বানত বেঁকী নৈৰ চৰৰ মাজতে বহু লোক আবদ্ধ হোৱাৰ লগতে পানীত ডুব গৈছিল বহু কৃষকৰ ইৰি ধান, মৰাপাট আৰু শাক-পাচলিৰ খেতি ৷ এই বানৰ কৱলত পৰিছিল কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইলেজা, মিনিশিমলা, শ্ৰীৰামপুৰ, লাচাংগা, বলাইপথাৰ, খাৰবাল্লী, ডাউকমাৰি, সুতিৰপাথৰ আদি কুৰিখন গাঁওৰ বিস্তীৰণ অঞ্চল ৷ ইয়াৰ পাছতো হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত অধিক আতংকিত হৈ পৰিছিল উক্ত অঞ্চল সমূহৰ ৰাইজ ৷ কিন্তু শুকুৰবাৰৰ ৰাতিৰ ভাগৰ পৰা ক্ৰমাৎ কমিছে বেঁকী নৈৰ জলপৃষ্ঠ ৷ উপায়ন্তৰ ৰাইজে এতিয়া চৰকাৰলৈ জনাইছে সহায়ৰ আহ্বান ৷

লগতে পঢ়কঃ নেমকেয়াৰৰ ঘটনাৰ পাচত অধিক সতৰ্ক হৈছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.