ETV Bharat / state

কলগাছিয়াৰ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজ !

author img

By

Published : Jun 9, 2021, 6:25 PM IST

কলগাছিয়াৰ দেওকুৰাৰ পৰা মনাকাছা সংযোগী পথছোৱাত কালভাৰ্ট নিৰ্মাণত পঞ্চায়ত সভাপতিয়ে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰা বুলি গুৰুতৰ অভিযোগ তুলিছে ৰাইজে ৷ শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

People accuse panchayat president of corruption  in Road construction At Barpeta Jania
কলগাছিয়াৰ পঞ্চায়ত সভাপতি বিৰুদ্ধে গৰজি উঠিল ৰাইজ !

জনীয়া,9 জুন: বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত হালধীয়া গাঁও পঞ্চায়তৰ সভাপতি ইজাজ ৰহিমৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ। হালধীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত দেওকুৰাৰ পৰা মনাকাছা সংযোগী পথছোৱাত পঞ্চায়ত সভাপতিগৰাকীয়ে কোনো ফলক নলগোৱাকৈ নিয়ম বহিৰ্ভূত ভাৱে এটা কালভাৰ্ট নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰাকলৈ সৰব হৈ পৰিছে স্থানীয় ৰাইজ ।

উল্লেখ্য যে, মনাকাছা সংযোগী পথছোৱাত পূৰ্বতে এটা কালভাৰ্ট থকা সত্বেও উক্ত স্থানত আন এটা কালভাৰ্টৰ নামত ধন আবন্টন কৰা বুলি অভিযোগ কৰিছে ৰাইজে ৷ অকল সেয়াই নহয়, উক্ত কালভাৰ্টো নিৰ্মাণৰ নামত আবন্টিত ধনসমূহ আত্মসাৎ কৰাৰো চেষ্টা চলোৱা বুলি পঞ্চায়ত সভাপতি গৰাকীৰ বিৰুদ্ধে আন এটা অভিযোগ কৰিছে ৰাইজে ।

বুধবাৰে পূৰ্বতে থকা কালভাৰ্টটো ভাঙি পানীৰ মাজতেই নতুনকৈ আন এটা কালভাৰ্ট নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । ইফালে কালভাৰ্টটো নিৰ্মাণ কৰাৰ বাবে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিবলগীয়া হৈছে ৰাইজে । লগতে মাজে সময়ে পথটোত দুৰ্ঘটনাও সংগঠিত হোৱা বুলি অভিযোগ কৰিছে ৰাইজে । উক্ত ঘটনাত ক্ষুব্ধ হৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক-শিৱসাগৰত পুনৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.