ETV Bharat / state

দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চাউল

দুৰ্নীতি নিবাৰক শাখাই শুকুৰবাৰে এক অভিযান চলাই বৰপেটাত জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং চাউল ৷ যোগান বিভাগ আৰু একাংশ আৰক্ষীৰ ছত্ৰছায়াত দীৰ্ঘদিনৰ পৰা চলি আছিল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ ক'লা বেহা ৷

author img

By

Published : May 8, 2020, 6:54 PM IST

PDS Rice corruption
দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

বৰপেটা,৮ মে’ঃ বৰপেটাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ দুৰ্নীতি নিবাৰক শাখা ৷ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে শুকুৰবাৰে বৃহৎ অভিযান চলালে এই ব্যৱসায়ৰ বিৰুদ্ধে ৷ অভিযানকালত বৰপেটাৰ কাঁহিবাৰীত জব্দ হয় বৃহৎ পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বাবে অনা চাউল ৷ চাউলৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত পাটবাউসীৰ জয়ন্ত দাসৰ ঘৰতো আৰক্ষীয়ে চলালে অভিযান ৷ দুৰ্নীতি নিবাৰক শাখাৰ পৰিদৰ্শক পিনাকী প্ৰসাদ মিশ্ৰ, প্ৰতীম গগৈৰ লগতে বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠক তথা উপ-আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলোৱা অভিযানটোত এটা গুদাম ঘৰ ছীল কৰে দলটোৱে ৷

দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

আনহাতে, গুদাম ঘৰটোৰ পৰা ইতিমধ্যে জব্দ হৈছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰায় ৮৪০ বস্তা চোৰাং চাউল ৷ ঘটনাত জড়িত এ এচ 01 জিচি 3136 নম্বৰৰ চাউল ভৰ্তি এখন ট্ৰাকো জব্দ কৰে তদন্তকাৰী বিষয়াৰ দলটোৱে ৷ ট্ৰাকখনৰ ভিতৰত প্ৰায় ৭০ বস্তা চাউলসহ এখন স্কুটী আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, বৰপেটাত যোগান বিভাগ আৰু একাংশ আৰক্ষীৰ ছত্ৰছায়াত দীৰ্ঘদিনে চলি আছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ ক'লা বেহা ৷ প্ৰশাসনৰ সন্মুখতে মুকলিকৈ চলি থকা এই ব্যৱসায়ৰ বিৰুদ্ধে অৱশেষত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই সফল হোৱাৰ লগতে জব্দকৃত ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰে ৷

লগতে চাওকঃ ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 56 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.