পাঠশালা, 30 জুলাই : এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফলত পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখিছে শিক্ষানগৰী পাঠশালা (Pathsala)ৰ বিদ্যালয়সমূহে ৷ ক’ভিড (Covid)সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ পৰীক্ষা অনুষ্ঠিত নহ’ল যদিও মূল্যাংকণ পদ্ধতিৰে ঘোষণা কৰা ফলাফলেৰেও ভাল ফলাফল লাভ কৰিছে শিক্ষানগৰীৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ প্ৰতিবছৰে ভাল ফলাফল দেখুওৱা পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী (Anundoram Borooah Academy) আৰু পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী উচ্চ মাধ্যমিক বিদ্যালয় (Pathsala Sikshapith Adarsha Buniyadi High School)য়ে এইবেলিও উজলি উঠিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক : মেট্ৰিকৰ ফলাফল : স্থান প্ৰাপক নোহোৱাকৈ ত্ৰিশ সহস্ৰাধিকে পালে ষ্টাৰ-ডিষ্টিংছন
অগ্ৰণী শিক্ষানুষ্ঠান দুখনৰ পৰা 100 শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ লগতে আনন্দৰাম বৰুৱাৰ একাডেমীৰ ছাত্ৰ বাস্তৱ প্ৰয়াস ডেকাই 99.16 শতাংশ আৰু পাঠশালা শিক্ষাপীঠৰ ছাত্ৰ অলিংগন দেৱ শৰ্মাই 99 শতংশ নম্বৰ লাভ কৰি সমগ্ৰ বজালীলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ শিক্ষানগৰীত এইবাৰ পূৰ্বৰ দৰে আনন্দ, আটচবাজীৰ শব্দ, হৰ্ষোল্লাস নাই যদিও বিদ্যালয় দুখনে পূৰ্বৰ মান অক্ষুন্ন ৰাখিছে ৷
পোন প্ৰথমবাৰৰ বাবে পৰীক্ষা বিহীন মূল্যায়ণ পদ্ধতিৰে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ক’ভিডৰ ভয়াৱহতাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলে শিক্ষা বিভাগে । পৰীক্ষাবিহীন ফলাফলৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷
লগতে পঢ়ক : মেট্ৰিকৰ ফলাফল সন্দৰ্ভত কি ক'লে ছেবাৰ সচিবে ?