ETV Bharat / state

পাঠশালাত চোৰৰ সন্ত্ৰাস: দিন-দুপৰতে চুৰি বাইক

পাঠশালা চহৰত চোৰে সৃষ্টি কৰিছে ত্ৰাসৰ ৷ দিন-দুপৰতে চুৰি হৈছে বাইক ৷ নিস্ক্ৰিয় আৰক্ষী প্ৰশাসন ৷

author img

By

Published : May 11, 2021, 10:30 PM IST

pathsala-pathsala-thief-terror
পাঠশালাত চোৰৰ ত্ৰাস

পাঠশালা,11 মে’: বজালী জিলাৰ সদৰ পাঠশালাত আৰক্ষীৰ চূড়ান্ত নিস্ক্ৰিয়তাৰ বাবে বিগত কিছুদিনৰ পৰা বৃদ্ধি পাবলৈ ধৰিছে চুৰি কাৰ্য ৷ প্ৰতিদিনে কেইবাখনো দোকানত চুৰি কৰি ৰাইজৰ মাজত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে চোৰে ।

আৰক্ষী নথকাৰ সুযোগতে চোৰে বিভিন্ন সামগ্ৰীৰ উপৰিও বাইক আদিও চুৰি কৰি আহিছে । চোৰে এই চুৰি কাৰ্য যে অকল নিশাৰ ভাগতে কৰে এনে নহয়, দিন-দুপৰতে প্ৰায়ে বাইক চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে শিক্ষানগৰীখনত । মঙলবাৰেও পাঠশালাৰ শীতল ৰিজ’ৰ্টৰ সন্মুখৰ পৰা এখন বাইক লৈ উধাও হয় চোৰ ।

শীতল ৰিজ’ৰ্টৰ সমীপত বাইক চুৰি

কিন্তু পৰিতাপৰ কথা যে প্ৰতিদিনে সংঘটিত এনে চুৰি কাৰ্যৰ কিমান অভিযোগ পাঠশালা থানাত দাখিল হৈছে তাৰ হিচাপ নাই ৷ কিন্তু আজিলৈকে চোৰক কৰায়ত্ব কৰিব নোৱাৰিলে আৰক্ষীয়ে ।

ভুক্তভোগী লোকসকলে পাঠশালা আৰক্ষীক অভিযোগ দিলেও নানা অজুহাত দেখুৱাই গা এৰা বুলি উত্থাপিত অভিযোগে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্নৰ অৱতাৰণ কৰিছে ৷ এনে অৱস্থাত অনাগত দিনত চুৰি কাৰ্য ৰোধ কৰাৰ বাবে বজালীৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক: ঈদ উপলক্ষে ডিব্ৰুগড়ত সাহায্য বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.