পাঠশালা,19 অক্টোবৰ: বিধানসভা নিৰ্বাচনলৈ মাথো কেইটামান বাকী থকা অৱস্থাত বজালী মহকুমাত বিজেপিৰ মহিলা মৰ্চাই নাৰী শক্তিক জাগ্ৰত কৰি ৰাজনৈতিক ভেটি সুদৃঢ় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ সেই অনুসৰি দেওবাৰে পাঠশালাস্থিত আজাদ ভৱনত বজালী বিজেপিৰ মহিলা মৰ্চাৰ এখন কাৰ্য নিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ এই সভাত উপস্থিত থাকে বজালী জিলা সমিতিৰ পাটাছাৰকুছি, ভৱানীপুৰ আৰু সৰুক্ষেত্ৰী সমষ্টিৰ মহিলা নেত্ৰীসকল ৷ তদুপৰি উক্ত সভাত উপস্থিত থাকে বজালী জিলা বিজেপিৰ সভাপতি নগেন ৰয়, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ফণি পাঠক, ৰাজ্যিক কাৰ্য নিৰ্বাহক সদস্য দিপুল ভূঞা আদি ৷
আনহাতে, বিজেপি নেত্ৰী তথা বজালী মহিলা বিজেপিৰ প্ৰভাৰী ছেফালি ৰয়ে সভাৰ জৰিয়তে অৰুন্ধতী আৰু অৰুণোদয় আঁচনি সন্দৰ্ভত বক্তব্য ৰাখে ৷ সভাৰ অন্তত বজালী বিজেপিৰ সভানেত্ৰী ধীৰুমণি ৰয়ে পৰৱৰ্তী নিৰ্বাচনৰ বাবে বজালীৰ মহিলাসকলক একত্ৰিত কৰি তিনিওটা সমষ্টিতে বিজেপিৰ পতাকা উৰুৱাব বুলি মন্তব্য কৰে ৷
লগতে চাওকঃ সত্যৰঞ্জন বৰাক কেন্দ্ৰ কৰি উত্তপ্ত জাজৰি