ETV Bharat / state

কাৰ দখলত যাব পাটাছাৰকুছি : অগপৰ স্পষ্ট মত প্ৰাৰ্থী আমিয়েই প্ৰদান কৰিম

author img

By

Published : Nov 1, 2020, 2:38 PM IST

নামনি অসমৰ অন্যমত পাটাছাৰকুছি সমষ্টিক লৈ মিত্ৰজোঁট অগপ-বিজেপিৰ মাজত স্পষ্ট হৈ পৰিছে মতবিৰোধ ৷ এনে অৱস্থাত অগপৰ বৰ্তমানৰ বিধায়ক পবীন্দ্ৰ ডেকাক একাষৰীয়া কৰি দেওবাৰে পাঠশালাত উদ্বোধন কৰা হয় অগপৰ এটা স্থায়ী কাৰ্যালয় ৷ বৰপেটাৰ অগপ বিধায়ক গুণীন্দ্ৰ দাসে উদ্বোধন কৰে কাৰ্যালয়টো ৷ কাৰ্যালয় উদ্বোধনত উপস্থিত থাকে শেহতীয়াকৈ দলটোত যোগদান কৰা বজালীৰ বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক ড৹ ৰঞ্জিত ডেকা ৷

কাৰ দখলত যাব পাটাছাৰকুছি ! অগপৰ স্পষ্ট মত প্ৰাৰ্থী আমিয়েই প্ৰদান কৰিম

পাঠশালা, 1 অক্টোবৰ : নামনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি পাটাছাৰকুছি বিজেপিক এৰি দিয়াৰ পক্ষপাতী নহয় অসম গণ পৰিষদ ৷ ইতিমধ্যে বিজেপিয়ে সমষ্টিটো অগপক এৰি দিয়া নহয় বুলি স্পষ্ট কৰি দিছে যদিও এইক্ষেত্ৰত অগপই আগবঢ়াইছে এক বিপৰীত মন্তব্য ৷ দেওবাৰে পাঠশালাত উদ্বোধন কৰা হয় অগপৰ এক স্থায়ী কাৰ্যালয় ৷ এই কাৰ্যালয়টো উদ্বোধন কৰে বৰপেটাৰ অগপ বিধায়ক গুণীন্দ্ৰ দাসে ৷ তাৎপৰ্যপূৰ্ণভাৱে দলীয় কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত নাছিল সমষ্টিটোৰ বৰ্তমানৰ অগপ বিধায়ক পবিন্দ্ৰ ডেকা ৷

শংখ, তাল আদি বজাই মাংগলিক কাৰ্যসূচীৰে উদ্বোধন কৰা কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে শেহতীয়াকৈ অগপ দলত যোগদান কৰা ড৹ ৰঞ্জিত ডেকা ৷ এই অনুষ্ঠানতে 2021 ৰ নিৰ্বাচনত ড৹ ডেকাক অগপৰ দলীয় টিকট প্ৰদান কৰাৰ সম্পৰ্কত আশ্বস্ত কৰে বিধায়ক গুণীন্দ্ৰ দাসে ৷ বৃহত্তৰ বজালী অঞ্চলৰ শৈক্ষিক আৰু সামাজিক দিশত যথেষ্ট অৱদান আছে আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ তথা অধ্যক্ষ ড৹ ৰঞ্জিত ডেকাৰ ৷ এনে অৱস্থাত পাটাছাৰকুছি সমষ্টিবাসীয়ে ডেকাক লৈ কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া পৰৱৰ্তী নিৰ্বাচনত স্পষ্ট হৈ পৰিব ৷

কাৰ দখলত যাব পাটাছাৰকুছি সমষ্টি

আনহাতে, বৰপেটা সমষ্টিতো অগপই প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি প্ৰকাশ কৰে বিধায়ক দাসে ৷ পৰৱৰ্তী নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰজোঁটে 2016 ৰ নিৰ্বাচনত অগপ প্ৰাৰ্থী জয়ী হোৱা সমষ্টিত পুনৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিষয়ে জানিবলৈ দিছে ৷ শেহতীয়াকৈ পাটাছাৰকুছি সমষ্টিটো বিজেপিয়ে অগপক এৰি নিদিয়ে বুলি এক সভাত স্পষ্ট কৰি দিছিল বজালী জিলা যুৱ মৰ্চাৰ সভাপতি চম্পক কাকতিয়ে ৷ এনে অৱস্থাত পৰৱৰ্তী নিৰ্বাচনৰ সময়ত সমষ্টিটো কোনে দখল কৰে সেয়া লক্ষণীয় হ’ব ৷ কিন্তু দেওবাৰৰ অনুষ্ঠানত বিধায়ক পবিন্দ্ৰ ডেকাৰ অনুপস্থিতিয়ে বহু কথাৰ ইংগিত বহন কৰিছে ৷ একপ্ৰকাৰে পাটাছাৰকুছি সমষ্টিটোত অগপৰ হৈ ড৹ ৰঞ্জিত ডেকাই প্ৰতিদ্বন্দিতা কৰাটো স্পষ্ট হৈ পৰিছে ৷

লগতে পঢ়ক : অগপৰ দূৰ্গখ্যাত পাটাছাৰকুছি সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.