ETV Bharat / state

শ্ৰীশ্ৰী দামোদৰ দেৱ গুৰু প্ৰতিষ্ঠাপিত আদি সত্ৰ পাটবাউসীত সত্ৰাধিকাৰ অভিষেক উৎসৱ

মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱ গুৰু প্ৰতিষ্ঠাপিত আদি সত্ৰ পাটবাউসীত সত্ৰাধিকাৰ অভিষেক উৎসৱ ৷ প্ৰয়াত সত্ৰাধিকাৰ গুৰুকৃষ্ণ গোস্বামীৰ দ্বিতীয় পুত্ৰ ভাস্কৰজ্যোতি গোস্বামীক মালা নিৰ্মালি প্ৰদানেৰে সত্ৰাধিকাৰৰ দায়িত্ব অৰ্পণ ৷

author img

By

Published : Oct 22, 2020, 6:05 PM IST

patbausi satra satradhikar abhisshekh
শ্ৰীশ্ৰী দামোদৰ দেৱ গুৰু প্ৰতিষ্ঠাপিত আদি সত্ৰ পাটবাউসী সত্ৰত সত্ৰাধিকাৰ অভিষেক উৎসৱ

বৰপেটা, ২২ অক্টোবৰঃ মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱ গুৰু প্ৰতিষ্ঠাপিত আদি সত্ৰ পাটবাউসীত অনুষ্ঠিত হয় সত্ৰাধিকাৰ অভিষেক উৎসৱ ৷ দামোদৰদেৱ গুৰুজনাই সত্ৰ স্থাপন কৰা পাটবাউসীৰ প্ৰথমজনা সত্ৰাধিকাৰ ভট্টদেৱৰ পৰৱৰ্তী চতুৰ্দশ গৰাকী সত্ৰাধিকাৰ হিচাপে প্ৰয়াত সত্ৰাধিকাৰ গুৰুকৃষ্ণ গোস্বামীৰ দ্বিতীয় পুত্ৰ ভাস্কৰজ্যোতি গোস্বামীক মালা নিৰ্মালি প্ৰদানেৰে সত্ৰাধিকাৰৰ দায়িত্ব অৰ্পণ কৰা হয় ৷

সত্ৰাধিকাৰৰ অভিষেক উৎসৱ উপলক্ষে পাটবাউসী সত্ৰত ভাগৱত শোভাযাত্ৰাকে ধৰি নাম প্ৰসংগ আদি অনুস্থানো অনুস্থিত হয় ৷

পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ঠ দামোদৰী পণ্ডিত গুৰুকৃষ্ণ গোস্বামীৰ দেহাৱসানৰ পিচত তেওৰ পুত্ৰক সত্ৰাধিকাৰৰ আসনত উপৱিষ্ট কৰা এই অভিষেক উৎসৱত জখলাবন্ধা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ যুগল চন্দ্ৰ গোস্বামী, ডেকা সত্ৰাধিকাৰ শিৱৰঞ্জন বৰুৱা, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীকে মুখ্য কৰি সথিয়া সত্ৰ, কমাৰকুছি সত্ৰ, আমৃখোৱা সত্ৰৰ সত্ৰাধিকাৰ বাপসকলৰ লগতে দেৱ দামোদৰ সংঘৰ পদাধিকাৰ সকলেও অংশগ্ৰহন কৰে ৷

ইপিনে দামোদৰদেৱ গুৰুৰ প্ৰথম তথা প্ৰধান সত্ৰখনৰ সত্ৰাধিকাৰৰ অভিষেক উৎসৱত অংশগ্ৰহন কৰি জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ গোস্বামীয়ে গুৰুজনাৰ জন্মস্থান কোবাইকটা সত্ৰৰ ভূমিত চলা বেদখল উচ্ছেদৰো দাবী জনায় ৷

আনহাতে সত্ৰ নাথাকিলে অসমীয়া সংস্কৃতি নাথাকে বুলি মন্তব্য কৰি কোবাইকটা সত্ৰৰ লগতে অসমৰ সত্ৰ সমুহৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে দামোদৰ সংঘই চৰকাৰক দাবী জনায় ৷

লগতে পঢ়ক: মহানগৰীৰ ৰাজপথত আইন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.