ETV Bharat / state

শ্ৰীশ্ৰী দামোদৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ গোস্বামীৰ পৰলোকপ্ৰাপ্তি

বৰপেটাৰ পাটবাউসীৰ শ্ৰী শ্ৰী দামোদৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ গোস্বামীৰ বুধবাৰে দেহাৱসান ঘটে ৷ মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱে স্থাপন কৰা পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ গোস্বামীৰ মৃত্যুত সত্ৰনগৰী বৰপেটাত শোকৰ ছাঁ পৰে ৷

author img

By

Published : Aug 21, 2019, 6:42 PM IST

শ্ৰীশ্ৰী দামোদৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ গোস্বামীৰ পৰলোকপ্ৰাপ্তি

বৰপেটা, 21 আগষ্টঃ বৰপেটাৰ পাটবাউসী শ্ৰী শ্ৰী দামোদৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ গোস্বামীৰ বুধবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত দেহাৱসান ঘটে ৷ চাৰিদিন পূৰ্বে অসুস্থ হৈ পৰা সত্ৰাধিকাৰগৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ অসম জাতীয় মহাসভাই 'সত্ৰভূষণ' সন্মানেৰে বিভূষিত কৰা সত্ৰাধিকাৰগৰাকীক মাজুলীত দামোদৰদেৱ ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ লগতে দামোদৰ সেৱা সত্ৰই নিত্যানন্দ ৰাষ্ট্ৰীয় বঁটা আগবঢ়াইছিল ৷

1971 চনত ভট্টদেৱৰ অধস্তন ত্ৰয়োদশগৰাকী সত্ৰাধিকাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিচৰ পৰাই ধৰ্ম প্ৰচাৰ, সত্ৰ উদ্ধাৰ আৰু সংৰক্ষণৰ লগতে পুথি-পত্ৰ প্ৰকাশৰ কামত নিজকে আত্মনিয়োগ কৰি আহিছিল সত্ৰাধিকাৰগৰাকী ৷ তেখেতে এতিয়ালৈকে বৈষ্ণৱ ধৰ্ম, দামোদৰদেৱ আৰু ভট্টদেৱৰ লগতে বিভিন্ন বিষয়ৰ প্ৰায় পোন্ধৰখন গ্ৰন্থ প্ৰকাশ কৰিছিল ৷ গুৰুকৃষ্ণ গোস্বামীৰ মৃতদেহ বৰপেটা সাহিত্য সভা, বৰপেটা প্ৰেছ ক্লাব আদিকে ধৰি একাধিক অনুষ্ঠানলৈ নিয়াৰ পিচত মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে শতাধিক গুণমুগ্ধই ৷

Intro:
বৰপেটা, ২১ আগষ্টঃ বৰপেটাৰ পাটবাউসী শ্ৰী শ্ৰী দামোদৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ গোস্বামীৰ আজি দেহাৱসান ঘটে ৷ মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱে স্থাপন কৰা পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ গোস্বামীৰ মৃত্যুত সত্ৰনগৰী বৰপেটাত শোকৰ ছা পৰে ৷ Body:চাৰিদিন পূৰ্বে অসুস্থ হৈ পৰা সত্ৰাধিকাৰগৰাকী বৰপেটা মেডিকেল কলেজ হস্পিটালত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি ৮২ বছৰ বয়সত দেহাৱসান ঘটে ৷ অসম জাতীয় 'মহাসভাই সত্ৰভূষন' সন্মানেৰে বিভূষিত কৰা সত্ৰাধিকাৰগৰাকীক মাজুলীত দামোদৰদেৱ ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ লগতে দামোদৰ সেৱা সত্ৰই নিত্যানন্দ ৰাষ্ট্ৰীয় বঁটা আগবঢ়াইছিল ৷ ১৯৭১ চনত ভট্টদেৱৰ অধস্তন ত্ৰয়োদশগৰাকী সত্ৰাধিকাৰ হিচাপে দায়িত্ব গ্ৰহন কৰাৰ পিচৰ পৰাই ধৰ্ম প্ৰচাৰ, সত্ৰ উদ্ধাৰ আৰু সংৰক্ষনৰ লগতে পুথি পাজি প্ৰকাশৰ কামত আত্মনিয়োগ কৰি আহিছে ৷ সত্ৰাধিকাৰগৰাকীয়ে বৈষ্ণৱ ধৰ্ম, দামোদৰদেৱ আৰু ভট্টদেৱৰ লগতে বিভিন্ন বিষয়ৰ প্ৰায় পোন্ধৰখন গ্ৰন্থ প্ৰকাশ কৰিছিল ৷ আজি গুৰুকৃষ্ণ গোস্বামীৰ মৃতদেহ বৰপেটা সাহিত্য সভা, বৰপেটা প্ৰেছ ক্লাব আদিকে ধৰি একাধিক অনুষ্ঠানলৈ নিয়াৰ পিচত মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে ৷

Conclusion:---বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.