ETV Bharat / state

উপ-সভানেত্ৰীৰ শালীনতা হানি কৰি ব্লেকমেইলিঙৰ চেষ্টা পঞ্চায়ত সভাপতিৰ

author img

By

Published : Aug 27, 2020, 1:39 PM IST

কোকিলা গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰীৰ শালীনতা হানি কৰি ফটো উঠাই, ব্লেকমেইলিং কৰি উকা কাগজত চহী লোৱাৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়তটোৰ সভাপতি আব্দুছ ছাত্তাৰৰ বিৰুদ্ধে ৷

ব্লেকমেইলিঙৰ চেষ্টা পঞ্চায়ত সভাপতিৰ
ব্লেকমেইলিঙৰ চেষ্টা পঞ্চায়ত সভাপতিৰ

জনীয়া, 27 আগষ্ট: বঙাইগাঁও জিলাৰ কোকিলা গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰীৰ শালীনতা হানি কৰি ফটো উঠাই, ব্লেকমেইলিং কৰি উকা কাগজত চহী লোৱাৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়তটোৰ সভাপতি আব্দুছ ছাত্তাৰৰ বিৰুদ্ধে ৷ ভুক্তভোগী উপ-সভানেত্ৰী গৰাকীৰ অভিযোগ অনুসৰি, বুধবাৰে পুৱা তেওঁৰ গৃহত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি তেনে কৰ্ম সম্পাদন কৰে সভাপতি আব্দুছ ছাত্তাৰ আৰু তেওঁৰ সহযোগী দুজন পঞ্চায়ত সদস্যই ৷

উপ-সভানেত্ৰীৰ শালীনতা হানি কৰি ব্লেকমেইলিঙৰ চেষ্টা পঞ্চায়ত সভাপতিৰ

জানিব পৰা মতে, যোৱা 19 আগষ্টত পঞ্চায়তখনৰ ৮ গৰাকী সদস্যই সভাপতি গৰাকীৰ বিৰুদ্ধে প্ৰদান কৰিছিল অনাস্থা ৷ তাৰ পাচৰে পৰাই ৮ গৰাকী সদস্যৰ স্বাক্ষৰৰ বাবে অভিযুক্ত সভাপতি গৰাকীয়ে ভিন্ন ধৰণে তেওঁলোকক নিৰ্যাতন কৰি আহিছে বুলি উপ-সভানেত্ৰী গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে ৷ স্বাক্ষৰ সংগ্ৰহ কৰাৰ বাবেই সভাপতি আব্দুছ ছাত্তাৰে উপ-সভানেত্ৰী গৰাকীৰ সৈতে অশালীনভাৱে ফটো উঠি ব্লেকমেইলিং কৰি, উকা কাগজত বলপূৰ্বকভাৱে স্বাক্ষৰ গ্ৰহণ কৰে ৷ যাৰ বাবে বুধবাৰে নিশা উপ-সভানেত্ৰী গৰাকীয়ে সভাপতি আব্দুছ ছাত্তাৰ আৰু তেওঁৰ সহযোগী মনিৰুল ইছলাম আৰু দিলবৰ হুছেইনৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰে ৷

লগতে পঢ়ক: ৰঞ্জিত দত্তৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিলে একাংশ কা বিৰোধী নেতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.