জনীয়া, 13 ছেপ্তেম্বৰ : শেহতীয়াকৈ ভদীয়া বানত(Flood) তচনচ হৈছে ৰাজ্যৰ বহু কৃষকৰ সপোন ৷ প্ৰতিবছৰে খেতিডৰা চকুত লগাকৈ চপোৱাৰ আশাত বন্দী থকা কৃষকসকলৰ সপোনত বাধা দিয়ে প্ৰলয়ংকাৰী বানে ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ কলগাছিয়াৰ বিভিন্ন অঞ্চলত বানে বিধ্বস্ত কৰি পেলাইছে চহা কৃষকসকলৰ খেতি ৷

বানত গেলি-পচি নষ্ট হ’ল হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতি । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি, খাৰবাল্লী, বলাইপথাৰ, শওপুৰ, কলগাছিয়া আদি কৰি কেইবাখনো গাঁৱত হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতি নষ্ট কৰিছে শেহতীয়া বানে ৷ উপাৰ্জনৰ একমাত্ৰ পথটো এইদৰে বিনষ্ট হোৱাৰ ফলত মূৰে-কপালে হাত দিছে কৃষকসকলে ।

সৰহ সংখ্যক খেতিয়কে ভদীয়া বানৰ পূৰ্বেই ধান খেতি কৰি আজৰি হৈছিল, যদিও বেকী নৈৰ(Beki River) বানত আগতীয়াকৈ কৰা ধান খেতি সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰিছে । কৃষি কাৰ্য কৰি পৰিয়াল পোহপাল দিয়া এইসকল কৃষকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ লেখীয়া হৈছে ৷
লক ডাউন আৰু বানে সম্পূৰ্ণৰূপে জুৰুলা কৰি পেলাইছে দৰিদ্ৰ কৃষকসকলক ৷ কিন্তু বৰ্তমানেও ভুক্তভোগী কৃষকসকলৰ খবৰ ল’বলৈ আহৰি পোৱা নাই কৃষি বিভাগে(Agriculture Department) । ফলত অধিক দৰত কঠীয়া কিনি খেতি কৰিবলৈ কৃষকসকলৰ ভীষণ অসুবিধাৰ সন্মুখীন হৈছে । সেয়েহে উপায়হীন কৃষকসকলে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক: বানত বিধ্বস্ত জাঁজীমুখৰ বৰমথাউৰি উপ স্বাস্থ্যকেন্দ্ৰ