জনীয়া, 6 নৱেম্বৰ : বৰপেটা জিলা প্ৰশাসনে গধুৰ যানবাহন চলাচল বন্ধ কৰি দিয়াৰ পিছতো সেই নিৰ্দেশনাক কেৰেপ নকৰি দিনে-নিশাই চলি আছে গধুৰ যান বাহনসমূহ ৷ যাৰ বাবে শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বামুনটাৰী বজাৰত ৷ স্থানীয় একাংশ ৰাইজে আৱদ্ধ কৰিলে গধুৰ যান-বাহন সমূহ ৷
উল্লেখ্য যে বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়াৰ পৰিণতিত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ২ নং বিকল্প ৰাজ্যিক ঘাইপথটো বৰ্তমান নদীৰ বুকুত বিলীন হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে ৷ যাৰ ফলত ঘাইপথটো গৰাখহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰিবৰ বাবে জিলা প্ৰশাসনে ৰাজ্যিক ঘাইপথটোৰ কাষত পথ বন্ধ ফলক লগাই দিছে ৷ কিন্তু প্ৰশাসনৰ নীতি-নিৰ্দেশনা তথা সচেতন স্থানীয় ৰাইজৰ দাবীক কেৰেপ নকৰি অহৰহ বাছ, 14 আৰু 16 চকীয়া অভাৰলোড ট্ৰাকৰ চলাচল অব্যাহত আছে ৷
অন্যহাতে স্থানীয় ৰাইজ আৰু চালক সকলে কৰা মন্তব্য অনুসৰি জিলা প্ৰশাসন আৰু স্থানীয় প্ৰশাসনৰ কোনো নিৰ্দিষ্ট নীতি-নিৰ্দেশনা নাই ৷ বৰঞ্চ ঠায়ে ঠায়ে আৰক্ষীয়ে জৰিমনা বিহাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে গাড়ীচালক সকলে ৷
স্থানীয় ৰাইজ আৰু একাংশ চালকে ঘাইপথটোৰ জনীয়া অংশত আৰক্ষী নিয়োগ কৰিবলৈ দাবী জনাইছে । অৱশ্যে ঘাইপথটোৰ বামুণটাৰী অংশত আৰক্ষীয়ে দায়িত্ব পালন কৰা পৰিলক্ষিত হৈছে যদিও জনীয়াৰ পৰা বামুণটাৰী অভিমুখে সঘনাই গাড়ীসমূহ অহা-যোৱা কৰি আছে ৷