বৰপেটা, 29 জুনঃ বৰপেটা চহৰত পুনৰ আন এজন যুৱকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ ৷ উক্ত আক্ৰান্ত যুৱক জনক লৈ এতিয়া তীব্ৰ কৰণাতংকৰ সৃষ্টি হৈছে অঞ্চলটোত ৷
উল্লেখ্য যে, গুৱাহাটীৰ পৰা তিনিদিন আগতে নিজ গৃহ জিলা বৰপেটাৰ ১ নং গলিয়াহাটী লৈ ওভতি আহিছিল ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত যুৱক জনৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ ৷ আক্ৰান্ত যুৱকজন নাম কল্যান বায়ন (২৫) ৷ যুৱকদনৰ ঘৰ বৰপেটাৰ ১ নং গলিয়াহাটীত ৷ কৰ'ণাত আক্ৰান্ত যুৱকজন গুৱাহাটীৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল ৷ লক ডাউন ঘোষণাৰ বাবে তিনিদিন পূৰ্বে গুৱাহাটীৰ পৰা যুৱকজন আহিছিল বৰপেটাৰ নিজ গৃহলৈ ৷
নিজ গৃহত থকা যুৱকজনৰ স্বাৱ পৰীক্ষাৰ পিছতে যুৱকজনৰ শৰীৰত কোভিড -19 পজিটিভ ধৰা পৰে ৷ যুৱকজন কোভিড ১৯ পজিটিভ চিহ্নিত হোৱাৰ পিছতেই সোমবাৰে স্বাস্থ্য বিভাগৰ লোকে যুৱকজনক ঘৰৰ পৰা চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰে ৷ যুৱকজন কৰ'ণাত আক্ৰান্ত হোৱাকলৈ বৰপেটা চহৰত ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে স্থানীয় লোক সকলৰ মাজত ৷
লগতে পঢ়ক- কৰ'ণা ভাইৰাছ সন্দৰ্ভত চিকিৎসক সত্যকাম ফুকনৰ ন-ন বিস্ফোৰণ